Local, Vocal, Global

নিজা বাসগৃহতে কামাণ্ডোৰ হাতত হত্যাৰ বলি হ’ল ৰাষ্ট্ৰপতি জ’বনেল মোইসি

নিজা বাসগৃহতে কামাণ্ডোৰ হাতত হত্যাৰ বলি হ’ল ৰাষ্ট্ৰপতি জ’বনেল মোইসি

নিজা বাসগৃহতে হত্যাৰ বলি হ’ল ৰাষ্ট্ৰপতি জ’বনেল মোইসি । নিজ বাসগৃহতে এজন কামাণ্ডোৱে প্ৰৱেশ কৰি হাইতিৰ ৰাষ্ট্ৰপতিগৰাকীক নৃশংসভাৱে হত্যা কৰে। মূৰত গুলীয়াই হত্যা কৰে ৰাষ্ট্ৰপতিগৰাকীক। বুধবাৰৰ নিশা প্ৰায় ১ মান বজাত সংঘটিত হয় এই ঘটনা। আনহাতে ৰাষ্ট্ৰপতিগৰাকীৰ পত্নীও এই আক্ৰমণৰ ফলত গুৰুত্বৰভাৱে আহত হৈছে। তেওঁক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত । ইফালে এই ঘটনাৰ সত্যতা স্বীকাৰ কৰিছে তথা জানিবলৈ দিছে হাইতিৰ প্ৰধানমন্ত্ৰী কলাউড যোচেফে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জানিব দিয়া অনুসৰি এতিয়াৰে পৰা ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ তেখেতেই গ্ৰহণ কৰিব ।