Local, Vocal, Global

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ সৰ্বানন্দ সোণোৱালসহ ৪৩ গৰাকী সাংসদৰ

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ সৰ্বানন্দ সোণোৱালসহ ৪৩ গৰাকী সাংসদৰ

আজি কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লৈছে সাংসদসকলে । মুঠ ৪৩ গৰাকী সাংসদে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰীপতি ৰামনাথ কোবিন্দৰ উপস্থিতিত শপত গ্ৰহণ লৈছে।২০১৯ চনত হোৱা সম্প্ৰসাৰণৰ পাছত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ল মোডী মন্ত্ৰীসভাৰ প্ৰথম সম্প্ৰসাৰণ ।

৬ বজাৰ লগে লগেই আৰম্ভ হোৱা শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে আটাইকেইগৰাকী সাংসদে শপত গ্ৰহণ লয় । উল্লেখযোগ্য যে মন্ত্ৰীসভাৰ সম্প্ৰাসাৰণৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কল্যাণ মাৰ্গত সাক্ষাৎ কৰে সাংসদসকলক। আজি মোদী কেবিনেটত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে পোন প্ৰথমে নাৰায়ণ ৰানে শপত গ্ৰহণ লোৱাৰ পাছত দ্বিতীয় স্থানতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শপত লয়।