Local, Vocal, Global

বজাৰ কৰিবলৈ আহোতে পানীত পৰি মৃত্যু

বঙাইগাঁৱত মৃতদেহ উদ্ধাৰ। বঙাইগাঁও জিলাৰ ঢাকানাবাৰীত উদ্ধাৰ হয় মৃতদেহটো।

 

পানীত পৰি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো। ৰাতিপুৱাৰ ভাগত বজাৰ কৰিবলৈ আহোতে পানীত পৰি মৃত হোৱাৰ সন্দেহ ৰাইজৰ।

 

চকুৰে কম দেখা লোকজনে পিছলি পানীত পৰি মৃতক সাৱটি লয়। ব্যক্তিজন শালবাৰী বাখাৰাপাৰা গাঁৱৰ সুমেশ সৰকাৰ(৬৫)।

 

ইতিমধ্যে ঘটনাস্থলীত বইটামাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।