Local, Vocal, Global

অৰুণাচলৰ দুই যুৱকে ভাং বিচাৰি ভাঙিলে বৃদ্ধাৰ ঘৰ

জামুগুৰিহাটৰ সমীপৰ বালিজুৰিত ভাঙৰ ৰাগীত  তাণ্ডৱ অৰুণাচলী যুৱকৰ ৷ গাড়ীসহ  দুই যুৱক গ্ৰেপ্তাৰ আৰক্ষীৰ৷

মদ, ভাঙ, ড্ৰাগছত  আসক্তহৈ এচাম যুৱকে সমাজত প্ৰায়ে উশৃংখল পৰিৱেশ সৃষ্টি কৰি অহাৰ লগতে বহু অমানবীয় ঘটনা সংঘটিত হৈ আহিছে ৷ তেনে এক ঘটনা সংঘটিত হৈছে জামুগুৰিহাটৰ সমীপবৰ্ত্তী বালিজুৰিত ৷

দুজন অৰুণাচলী যুৱকে ভাঙ বিছাৰি আহি খাবলৈ নেপায় এজন লোকৰ ঘৰ ভাঙি দিয়ে বালিজুৰিত ৷ শণিবাৰে পূৱা  বালিজুৰিস্থিত এজন বৃদ্ধৰ ঘৰত সোমাই  অৰুণাচলী যুৱক দুজন ভাঙৰ ৰাগীত মাতালহৈ  আন দিনাৰ দৰে  ভাং বিছাৰে ৷

বৃদ্ধ গৰাকীয়ে ভাং নাই বুলি কোৱাত যুৱক দুজনে খঙত জ্বলি-পকি বৃদ্ধক মাৰিবলৈ চোচা লোৱাৰ লগতে ভাঙিদিয়ে ঘৰৰ খুটা ৷

পিছত স্থানীয় ৰাইজে  যুৱক দুজনক আৱদ্ধ কৰি ইটাখোলা আৰক্ষীক খবৰ দিয়ে ৷ ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া  শ্যামল নেওগৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে যুৱক দুজনক আটক কৰাৰ লগতে তেওঁলোকে লৈ অহা এখন বলেৰ পিকআপ ভেনো জব্দ কৰে ৷

গাড়ীৰ ভিতৰত আৰক্ষীয়ে বুজন পৰিমানৰ ভাঙৰ পেকেট উদ্ধাৰ কৰে ৷ আটকাধীন যুৱক দুজনৰ নাম ৱাংজিদ ৱাংচন আৰু কাৰ্চা ডলৈ আৰু দুয়োৰে ঘৰ অৰুণাচলত বুলি জানিব পৰা গৈছে ৷