Local, Vocal, Global

যৌতুকত ধন আৰু বাইক বিচাৰি ৰঙা ঘৰৰ আলহী

যৌতুক প্রথা এটি সামাজিক অভিশাপ ! বৰ্তমান সময়ত ও যৌতুক বিচাৰি ন ন ৰূপত ৰাজ্যত চলিছে নাৰী নিৰ্যাতন

 

ৰাজ্যত পুনৰ ন-বোৱাৰী নিগ্ৰহৰ ঘটনা। চাপৰত ন-বোৱাৰীক যৌতুক বিচাৰি অৰ্কথ্য নিৰ্যাতন।

 

যৌতুকৰ ধন আৰু বাইক বিচাৰি ৰঙা ঘৰৰ আলহী চাপৰ, ঘুনিমাৰীৰ মিনাৰ আলী। মাতৃ সমতুল্য নবৌৰ অশ্লিল ভিডিঅ বনাই নিৰ্যাতন চলোৱাৰ অভিযোগ দেওঁৰ সুমৰ আলীৰ বিৰুদ্ধে।

চাপৰ থানাত স্বামী মিনাৰ আলী, দেওৰ সুমৰ আলী আৰু ভেনীদেউ নজৰুল হকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ন-বৌয়ে

বর্তমান আমাৰ সমাজত যৌতুক এটি সামাজিক মহামাৰী। সাম্প্রতিক কালত এই প্রথা জাতীয় সমস্যাত পৰিণত হৈছে। নাৰীৰ ৰূপ অনন্যা। সময়ত এগৰাকী নাৰী মা, জীয়েক, বোৱাৰী, শাহুৱেকৰ ৰূপ ধাৰণ কৰে এইখন পৃথিৱীত। কিন্তু আজিও একাংশই নাৰীৰ জীৱনৰ মুল্য দিব পৰা নাই। সকলো সময়ত মাতৃ সমতুল্য নাৰীৰ ওপৰত চলিছে নিৰ্যাতন। তেনেই এক ঘটনা পোহৰলৈ আহিছে চাপৰত। যিখন দেশত নবৌক মাতৃৰ  লগত তুলনা কৰা হয় সেই একেখন দেশৰ  ৰাজ্যত একাংশ পাষণ্ড তথা দানৱৰূপী মকিছুমানে নিজৰ পত্নী আৰু নবৌক পন্য সামগ্ৰীৰ দৰেই ব্যবহাৰ কৰাৰো নজিৰ আছে। ঠিক তেনে এক কৰুণ তথা জঘন্য কাণ্ডয় সংঘটিত হৈছে চাপৰৰ ঘুনিমাৰীত।

 

উল্লেখ্য যে  বঙাইগাঁও জিলাৰ পশ্চিম ভাদ্ৰাগাওঁৰ এগৰাকী ছোৱালীৰ ধুবুৰী জিলাৰ চাপৰ ঘুনিমাৰীৰ মিনাৰ আলীৰ লগত সম্পুৰ্ণ ইছলাম ধৰ্মীয় ৰীতি-নীতিৰে সামাজিক ভাৱে বিবাহ সম্পন্ন হয়। বিয়াৰ প্ৰায় ১৫/২০ দিন যোৱাৰ পিছৰে পৰা স্বামীৰ লগতে পৰিয়ালৰ লোকে যৌতুক বিচাৰে, কিন্তু ছোৱালীজনী আৰু পৰিয়ালে যৌতুক দিবলৈ  অসমৰ্থ হোৱাত মাহ হালধীৰ গন্ধ নজোবাৰ পূৰ্বে  আৰাম্ভ হল শাৰীৰিক আৰু মানসিক নিৰ্যাতন।

 

অভিযোগ অনুসৰি প্ৰতি নিশা যৌতুক বিচাৰি ন-বোৱাৰী গৰাকীৰ ওপৰত চলিছিল শাৰীৰিক নিৰ্যাতন। অকল শাৰীৰিক আৰু মানসিক নিৰ্যাতনতে ক্ষান্ত নাথাকি স্বামীৰ সৰু ভাই অৰ্থাৎ দেওৰ সুমৰ আলীয়েও শালীনতা হানি কৰাৰ অপচেষ্টা কৰে বুলি ভুক্তভোগী মহিলা গৰাকী  অভিযোগ কৰে। যৌতুক নিদিয়াৰ বাবেই হত্যা কৰাৰো চেষ্টা চলায় বুলি জানিবলৈ দিয়ে ভূক্তভূগিয়ে। শাহুৱেকৰ ঘৰৰ আৰু নিজৰ স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আজি চাপৰ থানাত এখন এজাহাৰ দাখিল কৰে।