Local, Vocal, Global

সোণাৰি, মৰিগাঁও-নগাঁও সংযোগী পথত উদ্ধাৰ মৃতদেহ

সোণাৰিৰ সমীপৰ নাফুকত নাফুক নৈত উদ্ধাৰ এটা  অৰ্ধগলীত মৃতদেহ । মৃতদেহটো নাফুক চাহ বাগিচাৰ নগা মুণ্ডাৰ বুলি জানিব পৰা গৈছে। উল্লেখ্যযে নৈ খনৰ ওপৰত থকা এখন দলঙৰ পৰা পৰাৰ পাছৰে পৰা বিগত দুদিন ধৰি  সন্ধানহীন হৈ আছিল শ্ৰমিকজন। ইতিলধ্যে আৰক্ষীৰ দল উপস্থিত হৈছে  ঘটনাস্থলীত । আনফালে  মৰিগাঁও আৰু নগাঁও সংযোগী দন্দুৱাৰ পথৰ দাঁতিতো উদ্ধাৰ এটা অচিনাক্ত  মৃতদেহ। স্থানীয় ৰাইজে  প্ৰত্যক্ষ  কৰে  অচিনাক্ত মৃতদেহটো। বৰ্তমানলৈ মৃতদেহটো চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।