ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকসকল এতিয়া ব্যস্ত খেতিপথাৰত
তেজপুৰত গোজ ধৰি ভূঁই ৰোৱা পর্ব আৰম্ভ
ভূঁই ৰোৱা শুভাৰম্ভণিক তেজপুৰীয়া কৃষক ৰাইজে গোজ ধৰা বুলি কয়। পথাৰত শইচ নদন-বদন হোৱাৰ কামনাৰে লখিমী দেৱীক আৰধনা কৰি এভাগ পূজা আগবঢ়ায়। পৰম্পৰা অনুসৰি ভূঁই তলৰ উত্তৰ-পূৱ কোণত প্ৰথমতে ক’লা কচু বা কলপুলি প্ৰতীকি ৰূপত ৰোপণ কৰি আগলটী কলপাত এখন পাৰি দিয়া হয়। তাৰ পিছত কলপাতখনৰ চাৰিওকাষে পাঁচটা গুচি ৰুই প্ৰত্যেকটো গুৰিত থুৰিয়া তামোল-পাণ-ফুল দি প্ৰত্যেকটো গুচিত সেন্দূৰৰ ফোঁট আৰু মিঠাতেল ঢালি দিয়া হয়। যাতে শইচডৰা নাচি-বাগি সজীৱ হৈ উঠে। এগচি চাকি-ধূপ জ্বলাই গুৱা পাণ আগবঢ়োৱা হয়। এয়াই আমাৰ চহকী সংস্কৃতিৰ এটা অংশ। যান্ত্ৰিকতাৰ মাজত ক্ৰমে হেৰাই গৈছে অসমৰ কৃষকৰ এনে পৰম্পৰা। প্ৰাপ্যৰ পৰা বঞ্চিত আমাৰ চহা কৃষক বন্ধুসকল ।
মৰিগাঁৱতো কৃষি বিভাগৰ কঁঠিয়া সিঁচা আচঁনি শুভাৰম্ভ
মৰিগাঁও জিলাৰ গেৰুৱা বানমুৰি শিৱ মন্দিৰ প্ৰাংগণত ওখ ঠাইত প্ৰায় ২০ বিঘা মাটিত মৰিগাঁও কৃষি বিভাগে ৰঞ্জিত ধানৰ কঁঠিয়া সিঁচি আঁচনিৰ শুভাৰম্ভ কৰে৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকে গেৰুৱা গাঁও পঞ্চায়তৰ সভানেত্ৰী বুদ্ধেশ্বৰী বৰদলৈ, মৰিগাঁও জিলা কৃষি বিষয়া নীলকমল বৰা, সহকাৰী কৃষি পৰিদৰ্শক দেৱকান্ত ভৰালী, জিলা পথাৰ পৰিচালনা সম্পাদক দিৱ্যজ্যোতি বৰুৱা৷ জিলা কৃষি বিষয়া নীলকমল বৰাই উপস্থিত থাকি কয় যে প্ৰধানমন্ত্ৰীৰ কৃষি আঁচনিৰ অন্তৰ্গত সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলাৰ সকলো বানপানী হোৱা ঠাইত বানপানীয়ে ঢুকি নোপোৱা ওখ ঠাই নটুৱাগাঁও, গেৰুৱা, কোৱৰগাঁও, মাণিপুৰত এই আঁচনিৰ শুভাৰম্ভ কৰে ৷