Local, Vocal, Global

Dead body recovered: ৰাজ্যত পুনৰ উদ্ধাৰ মৃতদেহ

নিউজ ডেস্ক, ১০আগষ্ট : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।ৰাজ্যত চোৰ ,ডকাইটি , হত্যা ,অপহৰণ , ড্ৰাগছ সৰবৰাহ ,বহিৰাজ্য লৈ গৰু সৰবৰাহকাৰী লগতে একাংশই নকল সোণৰ ৰমৰমীয়া ব্য়ৱসায় চলাই আহিছে(Deadbody recovered in Karbi Anglong)।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ।

উল্লেখ্য যে, বুধবাৰে দিনৰ ভাগত বোন্দা আমচাং ফৰেষ্ট কেম্পৰ সমীপতে থকা ঘন জংঘলৰ পৰা উদ্ধাৰ কৰা হৈছিল নিতেশ কুমাৰ নামৰ এজন ছাত্ৰৰ ৰক্তাক্ত অৱস্থাত থকা মৃতদেহ ৷ বৰসজাই মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰ নিতেশ কুমাৰৰ ঘৰ বেলতলাৰ বনগাঁৱত। নিতেশক স্কুটাৰত উঠাই বোন্দালৈ নিছিল অভিষেকে। তাৰ পিছতে নিতেশৰ পৰিয়ালক দাবী কৰিছিল ৭ লাখ টকা । এই সন্দৰ্ভত নিতেশৰ পিতৃ ৰাজেশ কুমাৰে দাখিল কৰিছিল এজাহাৰ(Tea Shopkeeper killed a Student in Guwahati)।তাৰ পিছতে বুধবাৰে দুপৰীয়া উদ্ধাৰ হৈছিল নিতেশৰ মৃতদেহ। হত্যা কৰি জংঘলত পেলাই দিছিল নিতেশক । মৃতদেহৰ ওপৰত জাপি দিয়া হৈছিল গছৰ পাত ।

এইবাৰ কাৰ্বি আংলং জিলাত উদ্ধাৰ হৈছে মৃতদেহ । কাৰ্বি আংলং জিলাৰ উত্তৰ বড়বিল উপ-আৰক্ষী চকীৰ অন্তৰ্গত ফুলনি নগৰৰ সমীপৰ বাছ আস্থানত উদ্ধাৰ হৈছে মৃতদেহটো(body found at phulni nagar bus stand) ।

জানিব পৰা মতে, শুই থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো । ফুলনি নগৰৰ নিকটৱৰ্তী অঞ্চল শিমলু আটিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা বাছ আস্থানত শুই থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো ।

উদ্ধাৰ হোৱা মৃতদেহটো ডকমকাৰ ধনীৰাম ৰংফাৰ (৫৫) বুলি চিনাক্ত কৰা হৈছে । এই ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উত্তৰ বড়বিল উপ-আৰক্ষী চকীৰ আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ বিষয়ে বুজ লোৱাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে ।এনেদৰে শুই থকা অৱস্থাতেই মৃতদেহ উদ্ধাৰ হোৱা উক্ত ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে(Deadbody recovered in Karbi Anglong)।

লগতে পঢ়ক :Guwahati Student Murder Case : গুৱাহাটীত নৱম শ্ৰেণীৰ ছাত্ৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ন ন তথ্য, উদ্ধাৰ হত্যাত ব্যৱহৃত দা