Local, Vocal, Global

Cyber Crime in Assam : মৰিগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী

মৰিগাঁও, ১০আগষ্ট : অসমত চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল । ৰাজ্যত সক্ৰিয়া হৈ আছে চাইবাৰ অপৰাধী। এইবাৰ মৰিগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী । বুধবাৰে নিশা আৰক্ষীয়ে তিনি ধৃত ব্যক্তিক আটক কৰে (Cyber Crime in Assam )।

বুধবাৰে নিশা মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই । অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত মৰিগাঁও আৰক্ষীয়ে চলাইছিল এক অভিযান ৷ গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ এটা দলে চলাইছিল এক অভিযান । এই অভিযানত অভিযানকাৰী দলটোৱে মৰিগাঁৱৰ নেলীৰ পৰা আটক কৰে তিনি চাইবাৰ অপৰাধীক ৷

জানিব পৰা মতে, ধৃত অপৰাধী কেইটাই AS 01 EG 6815 নম্বৰৰ এখন বাহনেৰে নগাঁও পৰা গুৱাহাটীৰ অভিমুখে গৈ আছিল ৷ তেনে সময়তে আৰক্ষীয়ে আটক কৰে অভিযুক্তকেইটাক(cyber criminals detained in Morigaon) ৷

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, বুধবাৰে নিশা আৰক্ষীয়ে অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত নেলীৰ তালাচী চকীত চলাইছিল অভিযান ৷ এই অভিযানত আৰক্ষীয়ে প্ৰতিখন গাড়ীক তালাচী চলাই আছিল । আৰু আন গাড়ীৰ দৰে AS 01 EG 6815 নম্বৰৰ বাহনখনকো ৰ’বলৈ নিৰ্দেশ দিছিল আৰক্ষীয়ে ৷ কিন্তু আৰক্ষীৰ নিৰ্দেশক আওকাণ কৰি ৰাষ্ট্ৰীয় ঘাইপথত থকা নেলী আৰক্ষীৰ তালাচী চকী ভাঙি পলাবলৈ চেষ্টা কৰে বাহনখনে ৷ বাহনখন পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে খেদি যায় AS 01 EG 6815 নম্বৰৰ বাহনখনক ৷

দূতবেগেৰে যোৱা বাহনখন দুৰ্ঘটনাত পতিত হয় আৰু গুৰুতৰভাৱে আহত হয় বাহনখনত থকা থকা তিনিজন লোক ।জানিব পৰা মতে, বাহনখনত থকা ধৃতলোককেইজন ছহিদুল ইছলাম, দেৱান ছামছুদ্দিন আৰু হানিফুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে ।

তাৰ পাছত তিনিওজনকে আটক কৰে আৰক্ষীয়ে আৰু ধৃত লোককেইজনৰ হানিফুৰ ৰহমানক আৰু ছহিদুল ইছলাম মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি, ধৃত তিনি ব্যক্তি ATM জালিয়তিকাণ্ডৰ সৈতে জড়িত ৷ জানিব পৰা মতে ইতিমধ্যে বহুজনৰ ATM সলনি কৰি লাখ লাখ টকা সংগ্ৰহ কৰি আহিছে ধৃত তিনি অভিযুক্তই ৷

আৰক্ষীয়ে আটক কৰা লোককেইজনৰ পৰা কেবাহাজাৰ ভুৱা ছীম কাৰ্ড, চেন্টেল বেংকৰ পাছবুকৰ লগতে ৭৫ লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : Crime in Haflong : মহিলাক চোকা অস্ত্ৰৰ আক্ৰমণ কৰ্মচাৰীৰ, ICU ত চিকিৎসাধীন মহিলাগৰাকী