Local, Vocal, Global

Crime in Haflong : মহিলাক চোকা অস্ত্ৰৰ আক্ৰমণ কৰ্মচাৰীৰ, ICU ত চিকিৎসাধীন মহিলাগৰাকী

নিউজ ডেস্ক, ১০ আগষ্ট : ডিমা হাছাও জিলাৰ হাফলঙত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা (Crime in Haflong)৷ হাফলঙত ব্যাপক হাৰত বৃদ্ধি পাইছে অপৰাধৰ ঘটনা । এইবাৰ হাফলং অসামৰিক চিকিৎসালয়ৰ সমিপত এগৰাকী মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে এগৰাকী ব্যক্তিয়ে (Woman attacked with sharp weapon)। বৰ্তমান অতি সংকটজনক অৱস্থাত হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে মহিলাগৰাকী (woman attacked with sharp weapon in halflong)।

জানিব পৰা মতে, লালনেভা লিয়েনথাং নামৰ মহিলাগৰাকীৰ এখন দোকান আছে হাফলং অসামৰিক চিকিৎসালয়ৰ কাষতে আৰু তেওঁৰ দোকানৰ কৰ্মচাৰী আছিল শংকৰ ছেত্ৰী নামৰ এগৰাকী ব্যক্তি । সকলো ঠিকেই চলি আছিল ৷ মঙলবাৰে শংকৰ ছেত্ৰীয়ে লালনেভা লিয়েনথাঙক ২০০ টকা বিচাৰিছিল ৷ কিন্তু লালনেভা লিয়েনথাঙে দোকানত বিক্ৰী হোৱা নাই বাবে তেওঁক আবেলিলৈ টকা দিব বুলি কৈছিল ৷ বিচৰা টকা সময়মতে নিদিয়াৰ বাবে লালনেভা লিয়েনথাঙক শংকৰ ছেত্ৰীয়ে চোকা অস্ত্ৰৰে পেটত আঘাত কৰে বুলি জানিব পৰা গৈছে । ফলত লালনেভা লিয়েনথাং গুৰুতৰভাৱে আহত হৈ হাফলং অসামৰিক চিকিৎসালয়ৰ ICU ত চিকিৎসাধীন হৈ আছে ।

ইতিমধ্যে বুধবাৰে হাফলং অসামৰিক চিকিৎসালয়ত লালনেভা লিয়েনথাঙৰ এটা গুৰুতৰ অপাৰেচন সম্পন্ন কৰা হয় । কিন্তু অপাৰেচনৰ পাছতো লালনেভা লিয়েনথাঙৰ অৱস্থা আৰু অধিক অৱনতি হৈছে বুলি জানিবলৈ দিয়ে তেওঁৰ জীয়েকে ৷ মহিলাগৰাকী জীয়ৰীয়ে উল্লেখ কৰা মতে, এই ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে শংকৰ ছেত্ৰী ৷

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত অভিযুক্ত শংকৰ ছেত্ৰীৰ বিৰুদ্ধে লালনেভা লিয়েনথাঙৰ পৰিয়ালৰ লোকে দাখিল কৰে এক এজাহাৰ ৷ আৰক্ষীয়ে এই পৰ্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই পলাতক হৈ থকা অভিযুক্ত শংকৰ ছেত্ৰীক ।

ইপিনে হাফলং অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে জনোৱা অনুসৰি , মঙলবাৰে অতি সংকটজনক অৱস্থাত হাফলং চিকিৎসালয়লৈ অনা হৈছিল লালনেভা লিয়েনথাঙক ৷ চোকা অস্ত্ৰৰে পেটত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে লালনেভা লিয়েনথাঙক অপাৰেচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে চিকিৎসকৰ এটা দলে । কিন্তু অপাৰেচনৰ পিছতে লালনেভা লিয়েনথাঙৰ স্বাস্থ্য অৱনতি ঘটাত তেওঁক ৰখা হৈছে ভেন্টিলেচনত । বৰ্তমান জীৱন-মৃত্যুৰ সৈতে হাফলং অসামৰিক চিকিৎসালয়ৰ আইচিইউত যুঁজ দি আছে লালনেভা লিয়েনথাং ।

লগতে পঢ়ক : Mother feed alcohol to stop baby crying : সন্তানক মাতৃয়ে খুৱাই দিলে মাদক দ্ৰব্য