Local, Vocal, Global

Cabinet Meeting : আশাকৰ্মী আৰু ছুপাৰভাইজৰলৈ ৰাজ্য চৰকাৰৰ নিয়ম সাপেক্ষে বিশেষ অনুদানৰ কেবিনেট সিদ্ধান্ত গ্ৰহণ

নিউজ ডেস্ক, ১০ আগষ্ট : আশা কৰ্মীসকললৈ ভাল খবৰ (Cabinet Meeting)। বুধবাৰ অৰ্থাৎ ৯ আগষ্টত নতুন দিল্লীত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰা হয়। নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেট এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়(State Cabinet meeting)। নতুন দিল্লীত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ এই কেবিনেট বৈঠকত আশাকৰ্মী, আশা ছুপাৰভাইজৰৰ নিয়ম সাপেক্ষে বিশেষ অনুদানৰ সিদ্ধান্ত লোৱা হয়(State Cabinet takes important decision to ASHA workers and ASHA supervisors)।

দিল্লীত অনুষ্ঠিত হোৱা অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ নিশা ঘোষণা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । দিল্লীত অনুষ্ঠিত বুধবাৰৰ অসম কেবিনেটে ৰাজ্যৰ লাখ লাখ আশা কৰ্মচাৰীলৈ সুখবৰ কঢ়িয়াই আনিছে ৷ চৰকাৰে সদৰী কৰা অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত আশা কৰ্মী, আশা তত্বাৱধায়কৰ কৰ্মৰ পৰা অব্যাহতিৰ বয়স নিৰ্ধাৰণ ৷

এই বৈঠকত আশা আৰু আশা ছুপাভাইজৰৰ সেৱা সমাপ্তিৰ বয়স আৰু এককালীন কৃতজ্ঞতামূলক অনুদান নির্ধাৰণ কৰা হয় । লগতে, এই সেৱাৰ পৰা অব্যাহতি লোৱাৰ বাবে আশা আৰু আশা ছুপাভাইজৰৰ বাবে নিৰ্ধাৰিত বয়স ৬০ বছৰ হ’ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইয়াৰোপৰি, আশা কৰ্মীয়ে যদি ন্যূনতম ১০ বছৰৰ বাবেও নিৰন্তৰ স্বেচ্ছামূলক সেৱা আগবঢ়াইছে, তেন্তে তেওঁ এই সেৱাৰ পৰা অব্যাহতি ল’লে ২ লাখ টকাৰ এককালীন কৃতজ্ঞতামূলক অনুদান প্রাপ্তিৰ অধিকাৰ লাভ কৰিব । একেদৰে, আশা ছুপাভাইজৰসকলে সেৱাৰ পৰা অব্যাহতি লোৱাৰ পাছত ৩ লাখ টকাৰ এককালীন কৃতজ্ঞতামূলক অনুদান লাভ কৰিবলৈ সক্ষম হ’ব বুলি কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হৈছে।

আনহাতে যদি কোনো আশাকৰ্মী অথবা আশা ছুপাভাইজৰসকলে ৬০ বছৰ বয়সৰ আগতে পদত্যাগ কৰে বা স্বেচ্ছামূলক সেৱাৰ পৰা অব্যাহতি লোৱাৰ সময়ত তেওঁৰ নিৰন্তৰ স্বেচ্ছামূলকভাবে সেৱা আগবঢ়োৱাৰ সময় ১০ বছৰতকৈ কম হয়, তেনে ক্ষেত্ৰত তেওঁ ৫০% অর্থাৎ ১ লাখ টকাৰ এককালীন কৃতজ্ঞতামূলক অনুদান লাভৰ বাবে যোগ্য বুলি বিবেচিত হ’ব।

আনহাতে, কৰ্মৰত অৱস্থাত মৃত্যু হোৱা আশা কৰ্মী আৰু আশা চুপাভাইজৰৰ ক্ষেত্ৰত নিকটাত্মীয়সকলে তেওঁলোকৰ যোগ্যতা অনুসৰি অনুদান লাভ কৰিব বুলিও উল্লেখ কৰে কেবিনেটত ।

লগতে পঢ়ক : No-confidence motion in Lok Sabha: আজি লোকসভাত অনাস্থা প্ৰস্তাৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে