দেশৰ প্ৰতিগৰাকী লোকে লাভ কৰিব ক’ভিড ভেকচিনঃ প্ৰধানমন্ত্ৰী মোডী

দেশৰ প্ৰতিগৰাকী লোকে লাভ কৰিব ক’ভিড ভেকচিনঃ প্ৰধানমন্ত্ৰী মোডী
দেশজুৰি অব্যাহত আছে কৰ’না ভাইৰাছৰ সংহাৰী ৰূপ।কৰ’নাৰ ভেকচিন প্ৰস্তুতৰ বাবে ইতিমধ্যেই চেষ্টা অব্যাহত ৰাখিছে বিশ্ব শক্তিশালী দেশসমূহে।ইয়াৰ মাজতে বিহাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিহাৰত বিনামূলীয়াকৈ কৰ’নাৰ ভেকচিন প্ৰদানৰ কথা ঘোষণা কৰিছিল বিজেপি চৰকাৰে।
ইয়াৰ পিছতে দেশজুৰি সৃষ্টি হৈছিল বিতৰ্কৰ।বিহাৰত বিজেপি চৰকাৰৰ এইয়া নিৰ্বাচনী কেন্দ্ৰীক ঘোষণা কৰিছিল বিৰোধীয়ে।ইয়াৰ মাজতে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে এক ডাঙৰ ঘোষণা কৰিছে।ভাৰতৰ সকলো লোকে লাভ কৰিব কৰ’না ভেকচিন।
তেওঁ ঘোষণা কৰি কয় যে, কোনো এজন ভাৰতীয়ক কৰ’না ভেকচিন প্ৰদানৰ পৰা বাদ দিয়া নহয়।প্ৰধানমন্ত্ৰীয়ে সমূহ দেশবাসীক এই বিষয়ৰ সন্দৰ্ভত চিন্তিত নহবলৈ আশ্বাস প্ৰদান কৰে।