মুমিনুল আৱাল নামটোৱেই এক ঘিণ লগা নাম
শেহতীয়াকৈ ৰাজ্য তোলপাৰ লগোৱা মিঞা বিতৰ্কই সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে এইবাৰ নতুন বিতৰ্কত সোমাই পৰিছে ৰাজ্যৰ এগৰাকী বিশিষ্ট সাহিত্যিক ইছমাইল হোছেইন আৰু বিজেপি নেতা চৈয়দ মুমিনুল আৱাল। বিশিষ্ট সাহিত্যিক গৰাকীক MyNews NEৰ বিশেষ অনুষ্ঠান POLITICAত বিজেপিৰ সংখ্যালঘু নেতা চৈয়দ মুমিনুল আৱালে আক্ৰমণৰ লক্ষ্য কৰি লয়। মিঞা প্ৰসংগত তীক্ষ্ণ বাক্যবাণেৰে সাহিত্যিক গৰাকীক টানি আনি চোকা সমালোচনা কৰে মুমিনুল আৱালে। ইয়াৰ পিছতেই আজি বিজেপি নেতাগৰাকীৰ বহু মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে ইছমাইল হোছেইনে। তেওঁ MyNews NEৰ আগত মন্তব্য প্ৰকাশ কৰি বহুকেইটা নতুন বিস্ফোৰণ ঘটালে সাহিত্যিকগৰাকীয়ে।
“মুমিনুল আৱাল নামটোৱেই এক ঘিণ লগা নাম। আৱালৰ DNA পৰীক্ষা কৰিলে ওলাই পৰিব তেওঁ ভাৰতৰ নে বিদেশৰ। মুমিনুল আৱালে চকীদাৰৰ চাকৰি পোৱাৰো যোগ্য নহয়। মুমিনুল আৱাল এজন দস্যু,গুণ্ডা” আদি বাক্যবাণেৰে সমালোচনাৰে থকা সৰকা কৰে বিজেপিৰ সংখ্যালঘু নেতাগৰাকীক। ‘আৱাল এজন অসংস্কৃতিবান মানুহ’।‘মুমিনুল আৱাল আৰৱৰ মানুহ’ বুলি মন্তব্য কৰে সাহিত্যিক ইছমাইল হোছেইনে ।