Local, Vocal, Global

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ১৯৮০ গৰাকী। ইয়াৰ বিপৰীতে ৰবিবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ১৪১৭ গৰাকী ৰোগীয়ে। বিগত ২৪ ঘন্টাত ৰাজ্যত পুনৰ মৃত্য ৭ গৰাকী ৰোগীৰ। নতুনকৈ আক্ৰান্তসকলৰ ভিতৰত ৪৫৩ কামৰূপ (মহানগৰ) জিলাৰ, ২৩৯ গৰাকী নগাঁও জিলাৰ, ১৩৪ গৰাকী যোৰহাট জিলাৰ আৰু ১০৭ গৰাকী কাছাৰ জিলাৰ।

বৰ্তমানলৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ১ লাখ ৫ হাজাৰ ৭৭৪ গৰাকী। বৰ্তমানলৈ ৮৩,৯২৭ গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে মৃত্যু হৈছে ২৯৬ গৰাকী ৰোগীৰ। সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২১,৫৪৮ গৰাকী ৰোগী।
ৰবিবাৰৰ দিনটোত ৰাজ্যত ৩৪,১০২ গৰাকী লোকৰ SWAB টেষ্ট সম্পন্ন কৰাৰ অন্তত আক্ৰান্তৰ হাৰ ৫.৮০ শতাংশ।