Local, Vocal, Global

কেতিয়াৰ পৰা আৰম্ভ হ’ব অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ?

”আজিৰ নাটৰ যৱনিকা পৰিবলৈ বাকী মাত্ৰ কেইটামান নাট্য মুহূৰ্ত, আৰু কেইটিমান নাট্য মুহূৰ্তৰ পিছতে যৱনিকা পৰিব আজিৰ নাট…………”
অসমীয়া সমাজ জীৱনত প্ৰায় সকলো মানুহৰে হৃদয়ত ক্ৰিয়া কৰা বিশেষ কেইটিমান সংলাপ। ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতিখন মঞ্চতে ভাহি আহে এই সংলাপটি। কিন্তু বিগত কিছু মাহৰ পৰাই স্তব্ধতা আহিছিল এই সংলাপটিত। মুলতঃ কৰ’নাৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ লগে-লগে ৰাজ্যত বন্ধ হৈ পৰিছিল ভ্ৰাম্যমাণ থিয়েটাৰ। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লকডাউন আৰু আনলকৰ নীতি-নিয়মত বন্ধ হৈ আছিল অসমৰ ঐতিহ্যমণ্ডিত ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগটো। অভাৱ-অনাটনে ক্ৰিয়া কৰিছিল ভ্ৰাম্যমাণ উদ্যোগৰ লগত জড়িত শিল্পী, কলা-কুশলীৰ জীৱনত।
কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে আনলক ৪.০ সন্দৰ্ভত প্ৰদান কৰা নিৰ্দেশাৱলী মৰ্মে ২১ ছেপ্তেম্বৰৰ পৰাই মুকলি আকাশৰ তলৰ থিয়েটাৰসমুহ অনুষ্ঠিত কৰিবৰ বাবে সেউজ সংকেত প্ৰদান কৰিছে।

ইতিমধ্যে ভ্ৰাম্যমাণ জগতৰ ট্ৰেজেডী কিং মৃদুল ভূঞাও শনিবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টি বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ সৈতে এক বৈঠকত মিলিত হৈ পুনৰ ভ্ৰাম্যমাণ উদ্যোগটো আৰম্ভ কৰাৰ বিষয়ে চিন্তা-চৰ্চা আৰম্ভ কৰিছে। লগতে ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰিছে পত্ৰ।
সকলোবোৰ ঠিকে থাকিলে ছেপ্তেম্বৰৰ মাজভাগৰ পৰাই সম্ভৱতঃ ৰাজ্যত আৰম্ভ হ’ব ভ্ৰাম্যমাণৰ আখৰা। পুনৰ সুদিন উভটি আহিব ৰাজ্যৰ ঐতিহ্যমণ্ডিত ভ্ৰাম্যমাণ জগতলৈ। সুৰ-সংগীত-সংলাপ যাদুৰে জীপাল হ’ব ৰাজ্যৰ প্ৰতিটো প্ৰান্ত।