ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা
ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা । বুধবাৰৰ দিনটোত ৰাজ্যত পুনৰ কৰ’নাত আক্ৰান্ত ২১১৬ গৰাকী। নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত ৩১১ গৰাকী কামৰূপ মহানগৰৰ, ১৯০ গৰাকী কাছাৰৰ, ১৭৪ গৰাকী ডিব্ৰুগড়ৰ আৰু ১২৫ গৰাকী যোৰহাট জিলাৰ। বুধবাৰৰ দিনটোৰ ৰাজ্যত আৰোগ্য লাভ কৰে ২০৫৪ গৰাকী ৰোগীয়ে। বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু ১০ গৰাকী লোকৰ।
বৰ্তমানলৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত ৮৪,৩১৭ গৰাকীলোক। বৰ্তমানলৈ ৰাজ্যত ৬০, ৩৪৮ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে চিকিৎসাধীন অৱস্থাত আছে ২৩,৭৫৩ গৰাকী ৰোগী। ইয়াৰ বিপৰীতে ৰাজ্যত মৃতকৰ সংখ্যা ২১৩ গৰাকীলৈ বৃদ্ধি।
বিগত ২৪ ঘন্টাত ৰাজ্যত ৪০,৩৮৯ গৰাকী লোকৰ SWAB টেষ্ট সম্পন্ন কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে। বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্তৰ হাৰ ৫.২৩ শতাংশ