Local, Vocal, Global

ভয়ংকৰ! একেটা পৰিয়ালৰ ১৭গৰাকী ব্যক্তি ক’ভিড পজিটিভ

কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰকুৰিহা গাৱঁৰ একেটা পৰিয়ালৰ ১৭গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ।গাওঁ খনৰ সুনন্দ ডেকা নামৰ ব্যক্তি এগৰাকীৰ মঙলবাৰে গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হোৱাত তেখেতৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে। আজি ৰঙিয়া মহকুমা স্বাস্থ্য বিভাগে চুবুৰীটোৰ ৭০ গৰাকী ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত সুনন্দ ডেকাৰ পৰিয়ালৰ ১৭ গৰাকী ব্যক্তিৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে।তেওঁলোকক বৰ্তমান উত্তৰ গুৱাহাটীস্থিত IIT ৰ ক’ভিড কেয়াৰ চেন্টাৰলৈ প্ৰেৰণ কৰে।