চৰাইৰ ঠোঁটত মাস্ক
বিশ্বত কোভিড ১৯ ৰ এই ভয়াবহ ক্ষনত সকলো লোক এতিয়া ব্যস্ত কোভিডৰ সাৱধানতা অৱলম্বন কৰাত। প্ৰতিটো সময়তে হাত ধোঁৱা আৰু মুখত মস্ক পিন্ধা যেন এতিয়া সকলোৰে অভ্যাসত পৰিণত হৈছে। কোভিড১৯ ৰ পৰা হাত সাৰিবলৈ যেন এতিয়া সকলোৱে নিজ দায়িত্ব পালন কৰিছে। কিন্তু এই কোভিড মহামাৰীৰ সাৱধানতা পালন কৰাৰ বিপৰীতে যে জনসাধাৰনে পৰিৱেশ সাৱধানতা পাহৰি গৈছে সেয়া প্ৰমাণ কৰিছে এখন বিশেষ ফটোৱে। ফটোখনত দেখা গৈছে এজনী চৰাইৰ ঠোঁটত এখন মাস্ক। এই ফটো খনে এতিয়া ভাবিবলৈ বাধ্য কৰাইছে যে জনসাধাৰনে পৰিৱেশ সৱধানতাটো সমানে গুৰুত্ব দিব লাগিব