Local, Vocal, Global

কেনভাছত তামোলৰ পিক্

গণেশগুৰিৰ ফ্লাই অভাৰৰ পৰিবৰ্ধিত অংশক লৈ মুকলিৰ পূৰ্বৰে পৰা সংবাদ মাধ্যমত চলিছিল বিশেষ চৰ্চা। এই চৰ্চাৰ কেন্দ্ৰ বিন্দু ফ্লাই অভাৰ খনৰ নতুন অংশটোৰ দেৱালবোৰ। কাৰণ এি দেৱালবোৰত কৰা আটক ধুনীয়া চিত্ৰাংকণ। এই দেৱালবোৰত চিত্ৰশিল্পীৰ এটা দলে অতি আকৰ্ষনীয় ৰূপত প্ৰতিফলন ঘটাইছে বৰ অসমৰ কৃষ্টি সংস্কৃতি,জনজীৱনৰ।

ইয়াৰ পূৰ্বে  বিভিন্ন সংবাদ মাধ্যমত গণেশগুৰিৰ ফ্লাই অভাৰৰ নতুন সংযোজনৰ প্ৰচাৰ চলোৱাৰ পিছত সৰ্বসাধৰণৰ মনত স্বাভাৱিকতে শংকা হৈছিল  আন বোৰ ৰাজপথৰ দৰে গুটখা জাতীয় সামগ্ৰী খাই ইয়াতো পিকাব পাৰে নেকি কোনোবাই? এই আশংকা সচাঁ প্ৰমান হবলৈ বৰ বেছি সময় নালাগিল। ফ্লাই অভাৰৰ ফিটা কাতি মুখ্যমন্ত্ৰী ঘৰ নাপালেগৈয়ে, দেৱালৰ কেনভাছত দেখা গ’ল  ৰঙা ৰঙা পিকৰ দাগ।ৰঙচঙীয়া ছবিবোৰক তল পেলাই জিলিকি উঠিল তামোলৰ পিকৰ লেতেৰা দাগবোৰহে।এই দৃশ্যই আকৌ এবাৰ লজ্জানত কৰিছে গুৱাহাটীবাসীক।