মুকলি হ’ল গণেশগুৰিৰ বিষ্ণুৰাভা উৰণীয়া সেতুৰ সংযোজিত অংশ
২০১৯ বৰ্ষৰ ৬ মাৰ্চৰ পৰা আৰম্ভ কৰা হৈছিল গনেশগুৰি উৰণীয়া সেতুৰ পৰিবৰ্ধিত অংশৰ নিৰ্মাণৰ কাম।উৰণীয়া সেতু খনৰ নতুন অংশটোৰ দৈৰ্ঘ্য ৪২৫.৫০ মি.। এই উৰণীয়া সেতুখন ৰাজ্য চৰকাৰৰ স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ ২০১৯-২০ বৰ্ষৰ অধীনত ৫৮.৭৪ কোটি টকা ব্যয় কৰি নিৰ্মান কৰে । ২০১৯ চনৰ ৬ মাৰ্চ তাৰিখে আৰম্ভ হোৱা সেতু খন ৩৬ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সময় সীমা ধাৰ্য্য কৰা হৈছিল যদিও মাত্ৰ ১৯ মাহতে সম্পূৰ্ণ হৈ উঠে নিৰ্মাণ কাৰ্য। উৰণীয়া সেতুৰ এই নতুন অংশটো আজি ৰাইজৰ বাবে মুকলি কৰি দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল,গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য আৰু লগতে মন্ত্ৰী যোগেন মহন।
উৰণীয়া সেতু খনত উজলিছে অসমৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতি। সেতু খনেৰে চানমাৰিৰ পৰা খানাপাৰা দিশলৈ যাব পাৰিব লগতে জি এছ ৰোডৰ পৰা অহা বাহন জু-ৰোডৰ দিশে যাব পাৰিব।
উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে ৰাজ্যত ১৬ খনকৈ নতুন ফ্লাই অভাৰৰ কাম পূৰ্ণগতিত চলি আছে। এক বহাগত দিছপুৰ ছুপাৰ মাৰ্কেটৰ ফ্লাই অভাৰ হব মুকলি।মালিগাওঁৰ পিছত ছেৰাপভাটীত নিৰ্মাণ হব উৰণীয়া সেতু। গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত নৱ নিৰ্মিত দলঙৰ কাম ৩০ শতাংশ সম্পন্ন হৈছে৷ ফেব্ৰুৱাৰী মাহৰ ভিতৰত মহানগৰী গুৱাহাটীত ৯খন নতুনকৈ ফুটব্ৰীজ নিৰ্মাণ কৰা হব ৷ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত গুৱাহাটীক সৰ্বাংগসুন্দৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে৷ ৰিহাবাৰীক ফাষ্ট এক্সপ্ৰেছ কৰিড’ৰেৰে সংলগ্ন কৰাৰ সিদ্ধান্ত৷ পাণবজাৰকো ফাষ্ট এক্সপ্ৰেছ কৰিড’ৰেৰে সংলগ্ন কৰা হ’ব৷ এলিভেটৰ ফুট অভাৰ ব্ৰীজৰ নিৰ্মাণৰ কাম ৮০ শতাংশ ইতিমধ্যে সম্পন্ন হৈছে৷ চানমাৰিৰ পৰা নুনমাটিলৈ হ’ব এলিভেটেড ফ্লাই অভাৰ৷ MMCH-TB হাস্পতালক সংলগ্ন কৰি মেডিকেল কলেজ নিৰ্মাণৰ পৰিকল্পনা সদৰি কৰিলে স্বাস্থ বিভাগৰো দায়িত্বত থকা মন্ত্ৰী ড০ শৰ্মাই। ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীৰ ভিতৰত এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ নিৰ্ধাৰণ কৰিছে চৰকাৰে।