Local, Vocal, Global

দিল্লীত পুনৰ ভয়ংকৰ ৰূপ লৈছে কৰ’নাই

দিল্লীত দিনক দিনে বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা । দিল্লীৰ স্বাস্থ্য মন্ত্রালয়ে দিয়া শেহতীয়া তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৪৫৯৩জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হয় আৰু ৮৫ জন লোকৰ মৃত্যু হৈছে বুলি প্ৰকাশ কৰে । উল্লেখযোগ্য যে বিগত জুন মাহৰ ১৬ তাৰিখে দিল্লীত কৰ’নাত আক্ৰান্ত হৈ  ৯৩ জন লোকৰ মৃত্যু হৈছিল আৰু ১১জুনৰ দিনটোত মৃতকৰ সংখ্যা আছিল সৰ্বাধিক । কিন্তু দিল্লীৰ বৰ্তমান পৰিস্থিতিয়ে পূৰ্বৰ সকলো ৰেকর্ড ভংগ কৰিছে ।

দিল্লীৰ এই ভয়ংকৰ পৰিস্থিতি দেখি কংগ্রেছৰ পূৰ্বৰ অধক্ষ্য অজয় মাকেনে বৰ্তমানৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক দিল্লীত তাৎক্ষণিকভাৱে লকডাউন দিবৰ বাবে অনুৰোধ জনায়। মাকেনে লগতে কয় যে ৰাজ্যত এনে জটিল পৰিস্থিতিত আমি এইবাৰৰ দীপাৱলী উৎযাপনৰ পৰা বিৰত থকা উচিত ।