Assamese
English
Friday, April 23, 2021
  • About
  • Advertise
  • Privacy & Policy
  • Contact
MyNewsNE
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
MyNewsNE
No Result
View All Result
Home Big Story

দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণৰ আঁৰৰ কাহিনী

৪ সতীৰ্থসহ দৃষ্টিক লৈ অহা হ'ল ৰঙিয়াৰ ৰেড হৰ্ণ ডিভিজনলৈ

MyNews Staff Reporter by MyNews Staff Reporter
November 12, 2020
in Assam, India, North East, Politics, Uncategorized
0
দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণৰ আঁৰৰ কাহিনী
0
SHARES
24.2k
VIEWS

RelatedPosts

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

COVID পৰীক্ষাক লৈ ব্যাপক বেমেজালি ৰাজ্যৰ স্বাস্থ্য বিভাগত

কৰ’ণাৰ ভয়াৱহতাৰ মাজতেই ডিগবৈৰ বিভিন্ন বিদ্যালয় কিম্বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

আলফা স্বাধীনৰ উপ মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা। ১৯৮৭ চনৰ পৰা সেনা-আৰক্ষীৰ মূৰৰ কামোৰণি আছিল দৃষ্টি ৰাজখোৱা। সশস্ত্ৰ সংগ্ৰামৰ নামত আলফাৰ বহু ৰক্তক্ষয়ী অপাৰেচনৰ নায়ক অথবা খলনায়ক দৃষ্টি ৰাজখোৱা। ঘোৰ সংকটৰ সময়ত আলফাৰ স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ কাষত থিয় হৈ থাকি সশস্ত্ৰ কাৰ্যকলাপ চলাই যোৱা দৃষ্টি ৰাজখুৱাই অৱশেষত আত্মসমপৰ্ণ কৰিলে। আলফাৰ নামত জীৱনৰ ৩২টা বছৰ জলাঞ্জলি দিয়া মনোজ ৰাভা ওৰফে দৃষ্টি ৰাজখুৱাই মেঘালয়-বাংলাদেশ সীমান্তৰ গাৰো পাহাৰৰ অতি দুৰ্গম দিলছেঙৰে নামৰ গাঁৱত সেনাৰ এটা ১০জনীয়া দলৰ ওচৰত আত্মসমপৰ্ণ কৰিলে। দৃষ্টিৰ সৈতে আত্মসমপৰ্ণ ৪ সতীৰ্থৰ। ইয়াছিন অসম, ৰূপজ্যোতি অসম, মিথুন অসম, ৰাহুল অসমৰো আত্মসমপৰ্ণ। দৃষ্টি আৰু চাৰি সতীৰ্থই সমপৰ্ণ কৰিলে অস্ত্ৰ-শস্ত্ৰ। এটা এ কে-৮১, দুটা নাইন এম এম পিষ্টল, ১০৭ জাঁই গুলী। ‘অপাৰেচন মালাকান্দ’ নামেৰে চলিছিল বিশেষ অভিযান। আত্মসমপৰ্ণকাৰী দৃষ্টি আৰু চ্ছ্ৰ সতীৰ্থক লৈ অহা হ’ল ৰঙিয়ালৈ। হেলিকপ্টাৰেৰে মেঘালয়ৰ পৰা অনা হ’ল দৃষ্টি ৰাজখোৱাক।

গুপ্তঘাতকে হত্যা কৰিছিল দৃষ্টিৰ পিতৃ-মাতৃক

আলফা স্বাধীনৰ ৱেষ্টাৰ্ণ কামাণ্ডাৰ অধিনায়ক তথা উপ মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰ পিতৃ-মাতৃক হত্যা কৰিছিল গুপ্তঘাটকে। ১৯৯৯ চনত গোৱালপাৰাৰ ৰংজুলিৰ বেলপাৰা গাঁৱত গুপ্তঘাতকে শেষ কৰি দিছিল দৃষ্টিৰ পৰিয়াল৷ তাৰ পিছতো পথ সলনি হোৱা নাছিল দৃষ্টিৰ। বাংলাদেশৰ নিৰাপত্তাৰক্ষীৰ হাতত আটক হৈ আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাসহ প্ৰায় সকলো শীৰ্ষ নেতাই অসমলৈ প্ৰত্যপৰ্ণ কৰি শান্তি আলোচনাত যোগ দিলে। ৰৈ গ’ল পৰেশ বৰুৱা। আৰু পৰেশ বৰুৱাৰ গাৰ ছাঁৰ দৰে ৰৈ গ’ল দৃষ্টি ৰাজখোৱা ওৰফে দৃষ্টি অসম ওৰফে মনোজ ৰাভা। বাংলাদেশ সীমান্তৰ গাৰোপাহাৰৰ গভীৰ অৰণ্যত কেইজনমান সংগীৰে এটা সৰু শিৱিৰ পৰিচালনা কৰি সশস্ত্ৰ কাৰ্যকলাপ চলাই গ’ল দৃষ্টি ৰাজখোৱাই। কিন্তু সময় একেদৰে নগ’ল।

বাংলাদেশত ৰুগ্ন পত্নী, নাবালক সন্তান

বাংলাদেশত ৰৈ গ’ল দৃষ্টিৰ কৰ্কট ৰোগত আক্ৰান্ত পত্নী। কন্যা আৰু পুত্ৰৰে অসহায় হৈ পৰিছিল দৃষ্টিৰ পৰিয়াল। আনফালে গাৰোপাহাৰৰ শিবিৰত সেনাৰ নজৰত দৃষ্টি। আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই মাই নিউজৰ মুখ সম্পাদক প্ৰণয় বৰদলৈক ফোনত ক’লে আত্মসমপৰ্ণৰ বিকল্প নাছিল দৃষ্টি ৰাজখোৱাৰ। সেয়ে সংগঠনৰ সন্মতিত সেনাৰ ওচৰত আত্মসমপৰ্ণ দৃষ্টিৰ। বৰুৱাই আৰু ক’লে আলফা স্বাধীনে মনত ৰাখিব দৃষ্টি ৰাজখোৱাৰ অৱদান।

শান্তি-আলোচনাত চামিল হ’বনে দৃষ্টি ৰাজখোৱা?

প্ৰতিকূল পৰিস্থিতি আৰু স্বামী-পিতৃৰ দায়িত্বৰ তাগিদা। বাধ্যত পৰি অস্ত্ৰ সম্বৰণ কৰা দৃষ্টি ৰাজখোৱাৰ প্ৰত্যাৱৰ্তনৰ পিছত আশা কৰা হৈছে হয়তো তেওঁ চামিল হ’ব আলফা-চৰকাৰৰ শান্তি আলোচনাত। তাৰ পূবেৰ্ বাংলাদেশত থকা দৃষ্টিৰ ৰুগ্ন পত্নী আৰু সন্তানদ্বয়ক অসমলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া চলিব। আত্মসমপৰ্ণৰ আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত তিনিটা দশক ধৰি ৰহস্যময় চৰিত্ৰৰূপে পৰিগণিত হৈ থকা আলফা নেতা দৃষ্টি ৰাজখোৱা মূল সুঁতিত চামিল হোৱাৰ পিছত নিঃসন্দেহে দুৰ্বল হ’ল আলফা স্বাধীন।

Tags: Armyassam newsBangladesh Borderdrishti rajkhowaGaro HillsmynewsneRangia Red Horn DivissionSurrenderulfa
Previous Post

আলোকময় অযোধ্যা

Next Post

দিল্লীত পুনৰ ভয়ংকৰ ৰূপ লৈছে কৰ’নাই

MyNews Staff Reporter

MyNews Staff Reporter

Related Posts

Assam

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

April 23, 2021
Assam

COVID পৰীক্ষাক লৈ ব্যাপক বেমেজালি ৰাজ্যৰ স্বাস্থ্য বিভাগত

April 22, 2021
Assam

কৰ’ণাৰ ভয়াৱহতাৰ মাজতেই ডিগবৈৰ বিভিন্ন বিদ্যালয় কিম্বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

April 22, 2021
Assam

যাদু সম্ৰাট বিক্ৰমৰ বাকচত বন্দী হ’ল ২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচনৰ ফলাফল

April 22, 2021
Assam

সকলোকে কন্দুৱাই নৱগ্ৰহ শ্মশানত শেষ বিদায় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিটালী দাসৰ

April 22, 2021
Assam

সম্প্ৰতি অসমৰ সংস্কৃতিৰ পৰা বিলুপ্তিৰ পথত তাহানিৰ কড়ি খেল

April 22, 2021
Next Post
দিল্লীত পুনৰ ভয়ংকৰ ৰূপ লৈছে কৰ’নাই

দিল্লীত পুনৰ ভয়ংকৰ ৰূপ লৈছে কৰ'নাই

লখিমপুৰৰ শিমলুগুৰিত এসপ্তাহৰ লকডাউন ঘোষণা

অভূতপূৰ্ব হাৰত হ্ৰাস পাইছে দেশৰ GDP

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

  • 320.4k Fans
  • 117 Followers
  • Trending
  • Comments
  • Latest
হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

February 23, 2021
কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

October 25, 2020
কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

November 15, 2020
ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

October 16, 2020

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

0

অসমৰ বাবে অধিক ৰেল বিচাৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ ৰিপুন বৰাৰ পত্ৰ

0

কৰ’না, ভাৰতৰ গতি উৰ্দ্ধমুখী

0

সুভাষ দাস কমিটিৰ প্ৰতিবেদন দাখিল

0

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

April 23, 2021

COVID পৰীক্ষাক লৈ ব্যাপক বেমেজালি ৰাজ্যৰ স্বাস্থ্য বিভাগত

April 22, 2021

কৰ’ণাৰ ভয়াৱহতাৰ মাজতেই ডিগবৈৰ বিভিন্ন বিদ্যালয় কিম্বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

April 22, 2021

যাদু সম্ৰাট বিক্ৰমৰ বাকচত বন্দী হ’ল ২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচনৰ ফলাফল

April 22, 2021

Recent News

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

April 23, 2021

COVID পৰীক্ষাক লৈ ব্যাপক বেমেজালি ৰাজ্যৰ স্বাস্থ্য বিভাগত

April 22, 2021

কৰ’ণাৰ ভয়াৱহতাৰ মাজতেই ডিগবৈৰ বিভিন্ন বিদ্যালয় কিম্বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

April 22, 2021

যাদু সম্ৰাট বিক্ৰমৰ বাকচত বন্দী হ’ল ২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচনৰ ফলাফল

April 22, 2021

About Us

MyNewsNE

You're visiting the official website of MyNews NE. A digital media organization from North Eastern Part of India. Stay updated with us with our website and social media pages. Thanks.

Like Us on Facebook

Our Twiiter Handle

Tweets by MyNewsNE

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 My News NE. All Rights Reserved.

No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
    • Arunachal
    • Manipur
    • Meghalaya
    • Mizoram
    • Nagaland
    • Tripura
    • Sikkim
  • India
  • World
  • Education
  • Sports
  • Entertainment
    • Movie
    • Music
  • Business
  • Lifestyle
    • Fashion
    • Food
    • Health
    • Travel
  • Politics
  • Science
  • English Edition

© 2021 My News NE. All Rights Reserved.