Local, Vocal, Global

ভাৰতত কৰ’না প্ৰতিষেধকৰ অনুমোদন বিচাৰিলে ফাইজাৰে

কৰ’নাৰ প্ৰতিষেধক প্ৰস্তুতকাৰী মাৰ্কিন প্ৰতিষ্ঠান ফাইজাৰে এইবাৰ অনুমোদন বিচাৰিলে ভাৰতীয় কৰ্তৃপক্ষৰ পৰা। ভাৰতত জৰুৰীভাৱে ফাইজাৰে প্ৰস্তুত কৰা কৰ’নাৰ প্ৰতিষেধক ব্যৱহাৰত অনুমোদন দিবৰ বাবে ড্ৰাগছ কণ্ট্ৰ’লাৰ জেনেৰেল অব ইণ্ডিয়াৰ ওচৰত আৱেদন ফাইজাৰৰ। সম্প্ৰতি ব্ৰিটেইন আৰু বাইৰেনত ফাইজাৰ-বায়ন’টেকে উৎপাদন কৰা প্ৰতিষেধক সাধাৰণ নাগৰিকৰ ক্ষেত্ৰত ব্যৱহাৰৰ বাবে জৰুৰী অনুমোদন প্ৰদান কৰা হৈছে। এতিয়া ভাৰততো একেদৰে অনুমোদন বিচাৰি DGCIৰ ওচৰ চাপিছে ফাইজাৰ। বুধবাৰে ব্ৰিটিছ চৰকাৰৰ পৰা এই প্ৰতিষেধকৰ অনুমোদন লাভ কৰিছিল ফাইজাৰে। এই সপ্তাহৰ পৰা সমগ্ৰ ব্ৰিটেইনত আৰম্ভ হ’ব ফাইজাৰৰ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া। অগ্ৰাধিকাৰ ভিত্তিত প্ৰথমে কৰ’নাৰ পৰা অধিক বিপদৰ আশংকা থকা লোকসকলক ফাইজাৰৰ প্ৰতিষেধক প্ৰদান কৰা হ’ব। এজন লোকক দুটাকৈ ডোজত দিবলগীয়া এই প্ৰতিষেধক ব্ৰিটেইনত প্ৰথম পৰ্যায়ত দুই কোটি লোকক প্ৰদান কৰা হ’ব। ইতিমধ্যে সম্পন্ন ট্ৰায়েলত দেখা গৈছে যে ফাইজাৰ আৰু বায়ন’টেকৰ প্ৰতিষেধকৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই আৰু ই ৯০ৰ পৰা ৯৫ শতাংশ কাৰ্যকৰী। এতিয়া ভাৰতত যদিহে DGCI-এ বিচাৰে তেন্তে দেশত ক্লিনিকেল ট্ৰায়েল অবিহনে ফাইজাৰৰ প্ৰতিষেধকক অনুমোদন দিব পাৰে বুলি বিশেষ সূত্ৰত প্ৰকাশ। ফাইজাৰৰ এই প্ৰতিষেধক অতিশয় কাৰ্যকৰী হ’লেও ইয়াৰ মজুতকৰণৰ বাবে বিশেষ ব্যৱস্থাৰ প্ৰয়োজন। এই প্ৰতিষেধকবিধ শূন্য ডিগ্ৰী ছেলছিয়াছৰ ৭০ ডিগ্ৰী তলতহে সংৰক্ষণ কৰিব পাৰি। আনহাতে ভাৰতত ট্ৰায়েল চলি থকা প্ৰতিষেধকসমূহ মাইনাছ দুইৰ পৰা মাইনাছ ৮ ডিগ্ৰী ছেলছিয়াছত সংৰক্ষণ কৰিব লাগে। আনহাতে মূল্যৰ বেলিকা বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা তথ্য মতে ফাইজাৰ বায়ন’টেকৰ প্ৰতিষেধকৰ প্ৰতিটো ডোজত ভাৰতীয় মুদ্ৰাত প্ৰায় ৭৫০ টকা খৰচ হ’ব। অৰ্থাৎ দুটা পালিৰ বাবে খৰচ হ’ব প্ৰায় ১৫০০ টকা। ।