Local, Vocal, Global

অৰুণাচল সীমান্তত নতুন ৩খন গাঁও পাতিলে চীনে

লাডাখ সীমান্তৰ ভাৰত-চীন সংঘাতক লৈ সকলো ব্যস্ত থকাৰ সময়ত পোহৰলৈ আহিছে এনে কেইখনমান ছবি যাৰ পৰা আকৌ নতুন সংঘাতৰ সূত্ৰপাত হোৱাৰ আশংকা। এইবাৰ অৰুণাচল সীমান্তত আগ্ৰাসী ৰঙা চীন। শেহতীয়া এক প্ৰতিবেদনত পোহৰলৈ আহিছে অৰুণাচল সীমান্তৰ নিচেই কাষতে ৩খনকৈ নতুন গাঁও নিৰ্মাণ কৰি উলিয়াইছে বেইজিঙে। বিষয়টোক লৈ নতুন দিল্লীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও অতি সতৰ্কতাৰে দৃষ্টি ৰাখিছে। ভাৰত-চীন আৰু ভূটান এই ৩ দেশৰ সীমান্তত অৱস্থিত বুম লা গিৰিপথৰ পার্শ্বৱৰ্তী ভাৰতৰ সীমান্তৰ মাত্ৰ ৫ কিলোমিটাৰৰ দূৰত্বত বিগত এটা বছৰত চীনে অতি কমেও ৩খনকৈ গাঁও স্থাপন কৰিছে। শেহতীয়াকৈ প্ৰকাশিত প্ৰতিবেদনৰ সৈতে সংলগ্ন উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে এই তথ্য। আনহাতে, বিবদমান ডোকলামৰ পৰা এই গাঁওকেইখনলৈ দূৰত্ব হ’ব মাত্ৰ ৭ কিলোমিটাৰ। প্লেনেট লেব’ নামৰ এটি সংস্থাৰ উপগ্ৰহীয় চিত্ৰত দেখা গৈছে যে এইবছৰৰ ১৭ ফেব্ৰুৱাৰীত তাত মাত্ৰ এখনেই গাঁও আছিল। য’ত আছিল ২০টা আন্তঃগাঁথনি। প্ৰায় এবছৰৰ অন্তত ২৮ নৱেম্বৰত সংগ্ৰহ কৰা আন এখন ছবিত দেখা গৈছে সেই ঠাইত অতি কমেও ৩টা এনক্লেভ। প্ৰত্যেকটো এনক্লেভত কাঠেৰে নিৰ্মিত ৫০টাকৈ ঘৰ থকা বুলি অনুমান কৰা হৈছে। এক কিলোমিটাৰৰ দূৰত্বত নিৰ্মাণ কৰা হৈছে নতুন ৩খন গাঁও। কেউখন গাঁও সংযোগী পথবোৰো পকী। সেই গাঁও সমূহলৈ আন ঠাইৰ পৰা মানুহ আনি বহুওৱা হৈছে বুলিও ধাৰণা কৰা হৈছে।