লাডাখৰ শীতৰ সৈতে যুঁজিবলৈ সেনাৰ বাবে স্মাৰ্ট কেম্প

ভাৰত-চীন সীমান্তত সঘনাই উত্তপ্ত পৰিৱেশ। কিন্তু তাপমাত্ৰা শূন্য ডিগ্ৰীৰ বহু তলত। পূব লাডাখৰ ভাৰত-চীন সীমান্তত প্ৰচণ্ড শীতৰ সৈতে যুঁজি দেশৰক্ষাৰ বাবে ২৪ ঘণ্টাই ব্যস্ত সেনাৰ দল। প্ৰতিকূল পৰিস্থিতিত কৰ্মৰত সেনাৰ জোৱানসকলৰ বাবে সেয়েহে ভাৰতীয় সেনাই ব্যৱস্থা কৰিছে অত্যাধুনিক স্মাৰ্ট কেম্পৰ। এই শিবিৰসমূহত বিদ্যুৎ, পানী, উত্তাপৰ ব্যৱস্থা, স্বাস্থ্য সেৱাকে ধৰি সকলো ব্যৱস্থাই আছে। সেনাৰ তৰফৰ পৰা প্ৰকাশ কৰা এটা ভিডিঅ’ত এনে স্মাৰ্ট কেম্পত দেখা গৈছে বিচনা, আলমিৰা আৰু হিটাৰৰ সুব্যৱস্থা। নৱেম্বৰ মাহৰ পিছত ৪০ ফুটপৰ্যন্ত তুষাৰপাত হোৱা এই অঞ্চলবিলাকত তাপমাত্ৰা শূন্য ডিগ্ৰীৰ ৩০ৰ পৰা ৪০ৰ তললৈ নামে। এনে পৰিস্থিতিত দেশৰ সুৰক্ষাত নিয়োজিত সেনা জোৱানসকলৰ বাবে স্মাৰ্ট কেম্পৰ ব্যৱস্থা নিশ্চিতভাৱে আদৰণীয়।
চাওক ভিডিঅ’-
#WATCH Eastern Ladakh: In order to ensure operational efficiency of troops deployed in winters, Indian Army has completed establishment of habitat facilities for all troops deployed in the sector. pic.twitter.com/H6Sm5VG541
— ANI (@ANI) November 18, 2020