কৰ’নাৰ প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া বাঢ়িছে আমেৰিকাত

আমেৰিকাত কৰ’নাৰ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছৰে পৰা আহি আছে পাৰ্শ্বক্ৰিয়াৰ বিভিন্ন ঘটনাৰ খবৰ। আমেৰিকাত সৰ্বসাধাৰণ লোকক প্ৰদান কৰা হৈছে মডাৰ্না আৰু ফাইজাৰৰ কৰ’নাৰ প্ৰতিষেধক। সমান্তৰালভাৱে আমেৰিকাৰ ৰোগ নিয়ন্ত্ৰক সংস্থাই তীক্ষ্ণ নজৰ ৰাখিছে পাৰ্শ্বক্ৰিয়াৰ ওপৰত। যিসকল লোকৰ দেহত কৰ’নাৰ প্ৰতিষেধকৰ প্ৰথমটো বেজী লোৱাৰ পাছত পাৰ্শ্বক্ৰিয়া দেখা গৈছে তেওঁলোকক দ্বিতীয় ডোজ লোৱাৰ পৰা বাৰণ কৰিছে প্ৰশাসনে।
আমেৰিকাৰ সংবাদ মাধ্য়মৰ বাতৰি মতে, ফাইজাৰৰ প্ৰতিষেধক লোৱা ২৮জন লোক এনফেলেক্সিছ নামে এলাৰ্জীত আক্ৰান্ত হৈছে। আনহাতে ফাইজাৰৰ প্ৰতিষেধক লোৱা এজনৰ দেহত দেখা গৈছে প্ৰতিক্ৰিয়া। আনুষ্ঠানিক হিচাপ মতে প্ৰতি ১০ লক্ষ জনৰ ১১জনৰ দেহত পাৰ্শ্বক্ৰিয়া পোৱা গৈছে। সাধাৰণ ফ্লুৰ প্ৰতিষেধকৰ ক্ষেত্ৰত প্ৰতি ১০ লাখৰ বিপৰীতে ১.৩ জনৰ দেহতহে পাৰ্শ্বক্ৰিয়া দেখা যায়।