Local, Vocal, Global

অমিতাভ বচ্চনৰ ক’ৰনাৰ কলাৰ টিউন বন্ধৰ দাবী পালেগৈ ন্যায়ালয়

কৰ‘না সম্পৰ্কে সজাগতা, নীতি-নিয়ম সম্পৰ্কে ফোনৰ কলাৰ টিউনত বিভিন্ন বাৰ্তা দিয়াৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছিল দেশত। সেয়ে সতৰ্কতামূলক বাৰ্তা এটিত কণ্ঠ আছিল বিগ বি অমিতাভ বচ্চনৰ। শেহতীয়াকৈ এই কলাৰ টিউন বন্ধৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত জনস্বাৰ্থ জড়িত এক গোচৰ ৰুজু কৰা হৈছে।

দীৰ্ঘদিন ধৰি বিভিন্নজনে ক’ৰনাৰ কলাৰ টিউনক লৈ আপত্তি দৰ্শাই আহিছিল। প্ৰতিবাৰ ফোন কৰোতে দীঘলীয়া এই টিউন শুনিবলগীয়াটো বিৰক্তিদায়ক বুলি বহুতেই অভিযোগ কৰিছিল। জৰুৰী ফোন কৰাৰ সময়ত অধিক অশান্তি হৈছিল গ্ৰাহকৰ। এনে অভিযোগ আহি থকাত ক’ৰনাৰ কলাৰ টিউন বন্ধৰ এটি বিকল্পও দিছিল ট্ৰায়ে। কিন্তু কৰ’নাৰ সতৰ্কতামূলক বাৰ্তা কলাৰ টিউন হিচাপে চলিয়েই আছিল অমিতাভ বচ্চনৰ কণ্ঠস্বৰ। সেয়েহে এইবাৰ ন্যায়ালয়ৰ মজিয়া পালেগৈ কৰ’নাৰ কলাৰ টিউনৰ প্ৰসংগ।