Local, Vocal, Global

বুলন্দচহৰৰ সুৰা ট্ৰেজেডী

উত্তৰ প্ৰদেশৰ বুলন্দচহৰত বিষাক্ত সুৰা পান কৰি মৃত্যু ৫জনকৈ লোকৰ। অসুস্থ ১৬জনকৈ লোকক পৃথক পৃথক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে ভিতৰত ৬জনৰ অৱস্থা সংকটজনক। ঘটনা সংঘটিত হোৱাৰ পাছতেই আৰক্ষী অধীক্ষক সন্তোষ কুমাৰে কৰ্তব্যত গাফিলতি কৰাৰ বাবেই থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ তিনিগৰাকীকৈ আৰক্ষীক নিলম্বনৰ নিৰ্দেশ দিছে। ঘটনা সংঘটিত হোৱাৰ পিছতেই SDM আৰু বৃহৎ সংখ্যক আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। খবৰ অনুসৰি ঘটনাটো ছিকন্দৰাবাদ থানাৰ অন্তৰ্গত জীতগৰী গাঁৱত সংঘটিত হৈছে।গাঁওখনৰ বিভিন্ন এলেকাত বহু পৰিমাণে অবৈধ সুৰাৰ বিক্ৰী হৈ আহিছিল। বৃহস্পতিবাৰে গাঁৱৰ কিছু লোকে সুৰা পান কৰিছিল। ইয়াৰ পাছতেই লোকসকল অসুস্থ হৈ পৰে। অসুস্থ লোকসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় এখন চৰকাৰী চিকিৎসালয়ত। চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছতেই চিকিৎসকে ৫জনকৈ লোকক মৃত ঘোষণা কৰে।