Local, Vocal, Global

ক’ভিড-১৯ ত আক্ৰান্ত হৈ আন এগৰাকীৰ মৃত্যু

গোলাঘাটত ক’ভিড-১৯ ত আক্ৰান্ত হৈ উত্তম দাস নামৰ এজন যুৱকৰ মৃত্যু । কেইবাদিনৰ পৰা যুৱক জন জ্বৰ,কাঁহত ভূগি আছিল । স্বাস্থ্যৰ অৱনতি ঘটাত ৰবিবাৰে যোৰহাট মেডিকেল কলেজলৈ নিয়াৰ অৱস্থাত মৃত্যু হ’ল যুৱকজনৰ। আজি গোলাঘাট প্ৰশাসনে যুৱকজন ক’ভিডত আক্ৰান্ত হৈ  মৃত্যু ঘটিছে বুলি স্পষ্ট কৰে । যুৱকজনৰ ঘৰ গোলাঘাটৰ এৰেঙ্গাপাৰা নৰাগাঁৱত । গোলাঘাট নগৰৰ এখন ফাৰ্মাচীত কৰ্মৰত আছিল যুৱকজন।