Local, Vocal, Global

হোজাইত বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে প্ৰতিবাদ

হোজাইৰ বিধায়ক শিলাদিত্য দেৱে নিজ দলৰে নেতা- পালিনেতাৰ বিৰুদ্ধে ক্ষোভ উজাৰি দল ত্যাগৰ সিদ্ধান্ত দেওবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সমান্তৰালকৈ সমষ্টিবাসীয়েও ক্ষোভ উজাৰিলে বিতৰ্কিত বিধায়কজনৰ বিৰুদ্ধে ৷ দল ত্যাগ কৰিলেও সমষ্টিৰ উন্নয়নৰ কাম চলাই যোৱাৰ কথা সদৰি কৰে বিধায়ক গৰাকীয়ে ৷ এফালে বিধায়কৰ দল ত্যাগৰ সিদ্ধান্ত আনফালে বছৰ বছৰ ধৰি জীয়াতু ভুগি অহা সমষ্টি বাসীয়ে শিলাদিত্য হায় -হায় ধ্বনিৰে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে।
হোজাইৰ ধলপুখুৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত পদুমপুখুৰী গাওঁ পঞ্চায়তৰ এটি জৰাজীৰ্ণ পথ । লংকা চহৰৰ পৰা পদুমপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দ-গাঁও, এৰাবাড়ী, হাকলু, আলিছিঙা আদিকে কৰি তিনি- চাৰিখন গাঁও সংযোগ এইটোৱেই হ’ল একমাত্ৰ পথ ।কিন্তু পথটোৰ জৰাজীৰ্ণ অৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব । বাৰিষা কাল আহিলেই প্ৰতি বছৰে পথৰ দুৰৱস্থাৰ বাবে যমৰ যাতনা ভোগে স্থানীয় ৰাইজে । পথৰ দুৰৱস্থাৰ বাবে বিগত দিনত উক্ত পথেদি অহা-যোৱা কৰাতে বহুজন দূৰ্ঘটনাতো পতিত হবলগীয়া হৈছে। আনহাতে আকৌ পথৰ দূৰৱস্থাৰ বাবে জৰুৰীকালীন ভাৱে ব্যৱহৃত ১০৮ মৃত্যুঞ্জয় সেৱাৰ বাহন গাঁও কেইখনলৈ আহিব নোৱাৰাত বহুকেইজন লোক মৃত্যু মুখতো পৰিছে । সেয়েহে দ-গাঁওৰ ৰাইজে পথৰ দুৰৱস্থাৰ বাবে পথৰ ওপৰতেই ভূ‍ঁই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ । হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্যক উক্ত জৰাজীৰ্ণ পথটো কম সময়ৰ ভিতৰত মেৰামতি কৰি দিয়াৰ দাবী জনায় ৷