Local, Vocal, Global

ৰাজ্যত আক্ৰান্তৰ সমান্তৰালকৈ বৃদ্ধি আৰোগ্য ৰোগীৰ সংখ্যা

ৰাজ্যত প্ৰতিদিনে উদ্দেগজনক হাৰত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ | মহানগৰীতো অব্যাহত কৰ’নাৰ ভয়াৱহত সংক্ৰমণ | ১৬ হাজাৰ অতিক্ৰম কৰিলে অসমত কৰ’নাত আক্ৰান্তৰ সংখ্যাই| ১০ হাজাৰ অতিক্ৰম কৰিলে ৰাজ্যত সুস্থ হোৱা ৰোগীৰ সংখ্যাই |ৰাজ্যত ৰবিবাৰৰ দিনতো আক্ৰান্ত ৭৩৫ গৰাকী | কৰ’নাৰ ৰম্যভুমিত পৰিণত গুৱাহাটীত শনিবাৰৰ দিনটোত আক্ৰান্ত ৪০০ গৰাকী | উল্লেখ যে শনিবাৰে ৰাজ্যত সুস্থ হোৱা ৰোগীৰ সংখ্যা ৫৭৮ গৰাকী | ৰাজ্যত ১৬০৭১গৰাকীলৈ বৃদ্ধি কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা | ৰাজ্যত বৰ্তমানলৈ সুস্থ হোৱা ৰোগীৰ সংখ্যা ১০৮৯৪ গৰাকী | ৰাজ্যত বৰ্তমান ৫৮৭৩ গৰাকী ৰোগী চিকিৎসাধীন | চৰকাৰী তথ্যমতে ৰাজ্যত মৃতৰোগীৰ সংখ্যা ৩৬ গৰাকী | ৰাজ্যত ৰবিবাৰৰ দিনটোলৈ ৫ লাখ ৫২হাজাৰ ৩৭৮ গৰাকী লোকৰ স্বোৱাব পৰীক্ষা সম্পন্ন হৈ |