Local, Vocal, Global

মৰাণত ৭ মহীয়া শিশু ক’ভিড-১৯ পজিটিভ ।

ডিব্ৰুগড় জিলাৰ মৰাণত এটি ৭ মহীয়া শিশুসহ তিনিজনৰ দেহত পোৱা গৈছে ক’ভিড-১৯ পজিটিভ ৷ সংস্পৰ্শলৈ অহা এগৰাকী চিকিৎসক, দুগৰাকী নাৰ্চক কোৱাৰেন্টাইন । মৰাণৰ পথালিবামৰ ভূপতিৰঞ্জন ৰাজখোৱা নামৰ শিশুটি পিতৃ-মাতৃৰ সৈতে হোম কোৱাৰেন্টাইনত আছিল ৷ কৰ্ণাটকৰ পৰা অহা পৰিয়ালটোৱ পূৰ্বে কোৱাৰেন্টাইন চেন্টাৰত আছিল ৷ লক্ষ্যণীয়ভাৱে শিশুটিৰ পিতৃ-মাতৃৰ দেহত পোৱা নাই ক’ৰনাৰ কোনো লক্ষণ ৷ আনহাতে কোনো ট্ৰেভেল হিষ্ট্ৰী নথকা খোৱাং নাহৰণিৰ এজন ব্যক্তিৰ দেহত পোৱা গৈছে ক’ভিড-১৯ পজিটিভ ৷ সোমেশ্বৰ কছাৰী নামৰ লোকজনে ভৰিৰ বিষত আক্ৰান্ত হোৱাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা গ্ৰহন কৰাৰ উপৰিও ডিব্ৰুগড় AMCH-ত স্বাস্থ্য পৰীক্ষা কৰিছিল ৷ আজি ব্যক্তিজনৰ ফলাফল পজিটিভ অহাত খোৱাঙত তীব্ৰ আতংকৰ সৃষ্টি হৈছে ৷ ব্যক্তিজন খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক-নাৰ্চৰ লগতে গাঁৱৰ বহু লোকৰ সংস্পৰ্শলৈ আহিছিল ৷ ইতিমধ্যে চিকিৎসালয়খনৰ এগৰাকী চিকিৎসক আৰু দুগৰাকী নাৰ্চক হোম কোৱাৰেন্টাইনৰ নিৰ্দেশ দিয়া হৈছে ৷ ইফালে খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয় কোৱাৰেন্টাইন চেন্টাৰত থকা মৰাণ মিৰিহোলাৰ চন্দ্ৰ তামাং নামৰ এজন যুৱকৰ দেহটো পোৱা গৈছে ক’ভিড-১৯ পজিটিভ ৷ আক্ৰান্ত আটাইকেইজনৰ লগতে ৭ মহীয়া শিশুটিৰ পিতৃ-মাতৃকো ১০৮ ৰ সহায়ত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড ৱাৰ্ডলৈ প্ৰেৰণ কৰা হৈছে ৷