Local, Vocal, Global

মার্চ-এপ্ৰিলত আপুনি লাভ কৰিব কৰ’নাৰ প্ৰতিষেধক

দেশবাসীয়ে ২০২১ৰ মাৰ্চ-এপ্ৰিল মাহৰ ভিতৰত গ্ৰহণ কৰিব পাৰিব কৰ’নাৰ প্ৰতিষেধক। এই সম্ভাৱনা ব্যক্ত কৰিলে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে। হৰ্ষ বৰ্ধনৰ দাবী কেন্দ্ৰীয় চৰকাৰে জুলাই আৰু আগষ্টৰ পূৰ্বে দেশৰ ২৫ৰ পৰা ৩০ কোটি নাগৰিকক প্ৰতিষেধক প্ৰদানৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত প্ৰতিষেধক প্ৰস্তুতত ব্যস্ত হৈ থকা ৩টা প্ৰতিষ্ঠানৰ সৈতে আলোচনাৰ ৩ দিন পিছতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ এই ঘোষণা। আনহাতে, প্ৰধানমন্ত্ৰীয়ে সোমবাৰেও আন ৩টা প্ৰতিষেধক উৎপাদনত ব্যস্ত থকা প্ৰতিষ্ঠানৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে আলোচনা চলায়। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে মিছন ক’ভিড সুৰক্ষা নামেৰে ক’ভিড-১৯ৰ প্ৰতিষেধক উদ্ভাৱন আৰু উৎপাদনৰ বাবে ৩য় পৰ্যায়ৰ ৯০০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। ভাৰতত মুঠ ১০টা বিভিন্ন ক’ভিড-১৯ৰ ভেকচিন উৎপাদনত ব্যস্ত থকা প্ৰতিষ্ঠানক পৃষ্ঠপোষকতা আগবঢ়াই অহা ডিপাৰ্টমেণ্ট অব বায়’টেকন’ল’জী ফৰ ৰিছার্ছ এণ্ড ডেভেলপমেণ্ট অব ইণ্ডিয়ান ক’ভিড-১৯ ভেকচিনছক এই অৰ্থ সাহায্য আগবঢ়োৱা হ’ব। এইপৰ্যন্ত দেশত ৰুছ ভেকচিন স্পুটনিককে ধৰি মুঠ ৫টা কৰ’নাৰ প্ৰতিষেধকৰ শেষ পৰ্যায়ৰ ত্ৰায়েল চলি আছে।