Local, Vocal, Global

হিমাদ্ৰী ভূঞালৈ ২০২০ বৰ্ষৰ দ্যা ইণ্টাৰনেচনেল লেণ্ডস্কেপ ফটোগ্ৰাফাৰৰ সন্মান

২০২০ বৰ্ষৰ “দা ইণ্টাৰনেচনেল লেণ্ডস্কেপ ফটোগ্ৰাফাৰ অফ দা ইয়েৰ” প্ৰতিযোগিতাৰ “দা নাইট স্কাই” শাখাত, গুৱাহাটীৰ নবীন নগৰ নিবাসী,  দেবানন্দ ভুঞা আৰু দীপা ভুঞাৰ সুযোগ্য বৰপুত্ৰ শ্ৰী হিমাদ্ৰী ভুঞাই শ্ৰেষ্ঠ ফটোগ্ৰাফাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। সন্মান প্ৰাপ্ত ফটোখন হ’ল প্ৰথমখন ফটো যিখন উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতীয় ভূখণ্ডৰ একমাত্ৰ লেণ্ডস্কেপ ফটো এই প্ৰতিযোগিতাত অন্তৰ্ভুক্ত হোৱা। তেখেতে ১৯৯৮চনৰ পৰা ফটোগ্ৰাফীত নিৰবিচ্ছিন্ন ভাবে জড়িত হৈ থকাৰ লগতে যথেষ্ট অৱদান আগবঢ়াই আহিছে। তেখেতে ন-শিকাৰু সকলোকো ফটোগ্ৰাফীত আগবাঢ়ি যোৱাত উদগনি যোগায় আহিছে।