Local, Vocal, Global

ক’ভিড–১৯ৰ দ্বিতীয় ঢৌত গুৱাহাটী মহানগৰীত ৰাজ্যৰ ভিতৰতে সর্বাধিক লোক আক্রান্ত হৈছে

ক’ভিড–১৯ৰ দ্বিতীয় ঢৌত গুৱাহাটী মহানগৰীত ৰাজ্যৰ ভিতৰতে সর্বাধিক লোক আক্রান্ত হৈছে৷ ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে মহানগৰীত মৃতকৰ সংখ্যাও প্রতিদিনে বৃদ্ধি পাইছে৷ যোৱা ২১ মে’ৰ পৰা ২৫ মে’লৈকে গুৱাহাটী মহানগৰীত ক’ৰোনাত আক্রান্তৰ সংখ্যা হ্রাস পোৱা পৰিলক্ষিত হৈছে যদিও মৃতকৰ সংখ্যা হ্রাস পোৱা নাই৷ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ৰাজ্যত এপ্রিল মাহৰ পৰাই ক’ভিড–১৯ৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱা বুলি প্রকাশ কৰিছে৷ ক’ৰোনাৰ দ্বিতীয় ঢৌত মৃত্যু হোৱা লোকৰ চিতা শাৰী শাৰীকৈ জ্বলিছে মহানগৰীৰ শ্মশানত৷ ১ এপ্রিলৰ পৰা ২৫ মে’লৈকে মুঠ ১,১৪০গৰাকী লোকৰ মৃতদেহ ক’ভিড বিধি অনুসৰি কামৰূপ মহানগৰ জিলা প্রশাসনে ভূতনাথ শ্মশান, উলুবাৰী শ্মশানত সৎকাৰ কৰাৰ উপৰি আঠগাঁও আৰু শৰণীয়া কবৰস্থানত জানাজা সম্পন্ন কৰিছে৷কেৱল গুৱাহাটী মহানগৰীতে এপ্রিল মাহত ক’ৰোনাত মৃত্যু হোৱা ২২৭গৰাকী লোকৰ মৃতদেহ সৎকাৰ কৰিছে৷ মে’ মাহৰ ২৫ তাৰিখলৈকে কামৰূপ মহানগৰ জিলা প্রশাসনে সর্বাধিক ৯১৩গৰাকী লোকৰ মৃতদেহ সৎকাৰ কৰিছে৷গুৱাহাটীত ক’ৰোনাত আক্রান্তৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাত মহানগৰ জিলা প্রশাসনে বশিষ্ঠ আৰু বতাহঘুলি শ্মশানত মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰিছে৷ কিন্তু এতিয়ালৈকে এই শ্মশান দুখন ব্যৱহাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা নাই৷