Local, Vocal, Global

গ্ৰেপ্তাৰ ইউটিউবাৰ,হাইড্ৰ’জেন বেলুনত কুকুৰ বান্ধি উৰুৱাই

লাইক পাবৰ বাবে বহুতেই এনেকুৱা কিছুমান কাম কৰে, যি কামে তেওঁকে নহয়, সমাজকো লজ্জিত কৰে। দিল্লীৰ মালব্য নগৰত এনে এক ঘটনাই সংঘটিত হ’ল । হাইড্ৰ’জেন বেলুনত  নিজৰ পোহনীয়া কুকুৰ বান্ধি শূন্যত উৰুৱাই  ইউটিউবাৰ গৌৰৱ জন আৰু এই ভিডিঅ’ ইউটিউবাৰজনে ছচিয়েল মিডিয়াত পোষ্ট কৰিছিল আৰু অভিযোগ পোৱাৰ লগে লগে আৰক্ষীয়ে ইউটিউবাৰজনক গ্ৰেপ্তাৰ কৰে। গৌৰৱ জনে শূন্যত কুকুৰটোক উৰুৱাই দি ভিডিঅ নিজৰ চেনেলত আপলোড কৰে । ইউটিউবাৰ গৌৰৱ জনে ভাবিছিল যে তেওঁৰ ভিডিঅ’টো মানুহে ভাল পাব।  কিন্তু ওলোটাহে হ’ল ।