Local, Vocal, Global

২০২১ৰ পুৰ্বে বজাৰলৈ নাহে কৰ’না প্ৰতিষেধক

২০২১ৰ পুৰ্বে বজাৰলৈ নাহে কৰ’না প্ৰতিষেধক ঘোষণা কৰে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ে । অহা ১৫ আগষ্টত ভাৰতে বিশ্বৰ প্ৰথমখন দেশ হিচাপে ‘COVAXIN’ আৰু ‘ZY COV-D’ নামৰ কৰ’না ভাইৰাছৰ ভেকচিন মুকলি কৰাৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰ কভিড যুজৰ মুল সংগঠন ICMR অৰ্থাৎ Indian Council for Medical Research-য়ে । কিন্তু দেওবাৰে বিয়লি কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ে প্ৰকাশ কৰা এটি  বিবৃতিয়ে ICMR-ৰ সকলো জল্পনা- কল্পনা চেঁচা পানী ঢালে । ভাৰতৰ  ‘COVAXIN’ আৰু ‘ZY COV-D’-ৰ বাহিৰেও বিশ্বৰ মুঠ ১৪০টা প্ৰস্তাৱিত প্ৰতিষেধক ক্লিনিকেল ট্ৰায়লৰ অৰ্থাৎ মানৱ দেহত পৰীক্ষা কৰাৰ অনুমতি লাভ কৰা ১১ টা প্ৰস্তাৱিত প্ৰতিষেধকৰ এটাও ২০২১ চনৰ পুৰ্বে সাধাৰণ জনতাৰ ব্যৱহাৰৰ বাবে সাজু নহয় বুলি ঘোষণা কৰে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ে।