Local, Vocal, Global

জটিল পৰিস্থিতিৰ মাজতে আশাৰ ৰেঙণি দেখুৱাইছে বিশ্ব স্বাস্থ্য সংস্থাই

ভাৰতসহ সমগ্ৰ বিশ্বতে ভয়ংকৰ গতিত বৃদ্ধি পাইছে  কৰ’নাৰ সংক্ৰমণ। শুকুৰবাৰে ভাৰতত ২০ হাজাৰজনৰ শৰীৰত ধৰা পৰিছে কৰ’নাৰ অৱস্থিতি। এনে জটিল পৰিস্থিতিৰ মাজতে আশাৰ ৰেঙণি দেখুৱাইছে বিশ্ব স্বাস্থ্য সংস্থাই। আগন্তুক দুসপ্তাহৰ ভিতৰত কৰ’না ভাইৰাছৰ ঔষধৰ ট্ৰায়েলৰ ৰিপৰ্ট লাভ কৰিব পাৰে WHO-এ। আৰু যদি ট্ৰায়েলৰ ৰিপৰ্টত সুফল আহে তেন্তে বিশ্ববাসীয়ে লাভ কৰিব কৰ’নাৰ ঔষধ। ভেকচিনৰ লগতে কৰ’নাৰ  ঔষধৰ বাবে এতিয়া সমগ্ৰ বিশ্বৰ চিকিত্‍সা বিজ্ঞানীয়ে দিন-ৰাতি একাকাৰ কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ ডাইৰেক্টৰ জেনেৰেলে কয় যে, ৩৯খন দেশৰ প্ৰায় ৫ হাজাৰ কৰ’নাৰ ৰোগীৰ ওপৰত ঔষধৰ ট্ৰায়েল কৰা হৈছে। আমাৰ আশা দুসপ্তাহৰ ভিতৰত ইয়াৰ ৰিপ’ৰ্ট আমাৰ হাতলৈ আহিব।