Local, Vocal, Global

ম’বাইলত কেনেকৈ বন্ধ কৰিব কৰ’নাৰ কলাৰ টিউন?

যোৱা ৭-৮ মাহ ধৰি ম’বাইলত কৰ’না ভাইৰাছৰ কলাৰ টিউন শুনি শুনি আমনি লাগিছে নেকি? আপোনাৰ ম’বাইলত সেই টিউন বন্ধ কৰিব খোজে নেকি? কৰ’না ভাইৰাছৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে চৰকাৰে ম’বাইল সেৱা প্ৰদানকাৰী সংস্থাসমূহক এনে কলাৰ টিউন ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিছিল। প্ৰথমে কাঁহেৰে আৰম্ভ হোৱা এটা বাৰ্তা কলাৰ টিউন আছিল। পিছলৈ অমিতাভ বচ্চনৰ কণ্ঠেৰে হিন্দী আৰু ইংৰাজী ভাষাত কৰ’নাৰ সজাগতামূলক বাৰ্তা ব্যৱহাৰ কৰা হৈছিল।

এয়াৰটেলত কৰ’নাৰ কলাৰ টিউন কিদৰে বন্ধ কৰিব?

এয়াৰটেল ম’বাইলৰ পৰা *646*224# ডায়েল কৰক আৰু তাৰ পিছত 1 টিপক। আপুনি কলাৰ টিউন সেৱা বন্ধ হোৱাৰ কনফাৰমেচন মেছেজ লাভ কৰিব।

ভোদাফোনত কৰ’নাৰ কলাৰ টিউন কিদৰে বন্ধ কৰিব?

ম’বাইলৰ মেছেজত CANCT লিখি প্ৰেৰণ কৰক 144 নম্বৰলৈ। আপুনি লাভ কৰিব কলাৰ টিউন সেৱা বন্ধৰ কনফাৰমেচন মেছেজ।

BSNLত কৰ’নাৰ কলাৰ টিউন বন্ধ কৰিবলৈ কি কৰিব?

ম’বাইলৰ মেছেজত টাইপ কৰক UNSUB আৰু প্ৰেৰণ কৰক 56700 বা 56799 নম্বৰলৈ। আপুনি লাভ কৰিব কলাৰ টিউন সেৱা বন্ধৰ কনফাৰমেচন।

জিঅ’ নম্বৰত কৰ’নাৰ কলাৰ টিউন কিদৰে বন্ধ কৰিব?

ম’বাইলৰ মেছেজত টাইপ কৰক STOP আৰু প্ৰেৰণ কৰক 155223 নম্বৰলৈ। আপুনি লাভ কৰিব কলাৰ টিউন সেৱা বন্ধ কৰিবৰ বাবে কনফাৰমেচন মেছেজ।

কৰ’নাৰ কলাৰ টিউন শুনি শুনি বহু গ্ৰাহকে আমনি পোৱাৰ অভিযোগ উঠিছিল। আৰু অনেকেই এই কলাৰ টিউন অবিলম্বে বন্ধ কৰাৰ বাবেও দাবী তুলিছিল। অৱশ্যে এইক্ষেত্ৰত এইপৰ্যন্ত চৰকাৰীভাৱে কোনো ঘোষণা অহা নাই।