কৰ’নাৰ প্ৰতিষেধক প্ৰদানৰ প্ৰস্তুতি আৰম্ভ
২০২১ৰ জুলাই মাহৰ ভিতৰত ২৫ কোটি ভাৰতীয়ক কৰ’নাৰ প্ৰতিষেধক প্ৰদানৰ লক্ষ্যৰে প্ৰস্তুতি আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পিছত অধিক তৎপৰতা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ৷ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া যাতে সুচাৰুৰূপে চলে সেই উদ্দেশ্যে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক বিশেষ কমিটী গঠনৰ নিৰ্দেশ দিছে স্বাস্থ্য মন্ত্ৰ্যালয়ে৷ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ ৰাজ্য ভেদে প্ৰয়োজনীয় ব্যৱস্থাৰ পৰামৰ্শ দিব সেই কমিটীয়ে৷
কৰ’নাৰ প্ৰতিষেধক লৈ ছ’চিয়েল মিডিয়াত উৰা বাতৰিৰ ভয়
ছ’চিয়েল মিডিয়াৰ যুগত কৰ’নাৰ প্ৰতিষেধকক লৈ ভুল খবৰ বিয়পিলে সাধাৰণ মানুহ প্ৰতিষেধক গ্ৰহণৰ ক্ষেত্ৰত ভীত সন্ত্ৰস্ত হ’ব পাৰে৷ সেয়েহে ছ’চিয়েল মিডিয়াত নজৰ দিব প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া পৰিচালনা বিশেষ কমিটীখনে৷ ভুৱা খবৰ ওলালেই যাতে তাক প্ৰথম অৱস্থাতে প্ৰতিৰোধ কৰিব পাৰি সেই দায়িত্বও পালন কৰিব কমিটীখনে৷
প্ৰতিষেধক কেতিয়া, প্ৰদান প্ৰক্ৰিয়াত কি কি প্ৰত্যাহ্বান?
ভাৰতত ৰাছিয়াৰ ভেকচিন স্পুটনিক-ভিৰ ক্লিনিকেল ট্ৰায়েল চলাবলৈ ইতিমধ্যে অনুমতি দিয়া হৈছে৷ ২০২১ৰ মাজভাগত অক্স’ফ’ৰ্ডৰ প্ৰতিষেধকো বজাৰলৈ অহাৰ সম্ভাৱনা৷ ইতিমধ্যেই জনোৱা হৈছে যে প্ৰতিষেধক উপলব্ধ হ’লে প্ৰথমে স্বাস্থ্যকৰ্মীসকলক দিয়া হ’ব৷ এই প্ৰক্ৰিয়াৰ প্ৰস্তুতিৰ ওপৰত চকু ৰাখিবলৈ ৰাজ্য আৰু জিলাস্তৰত বিশেষ কমিটী গঠনৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে৷ কি পদ্ধতিত প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হ’ব, প্ৰতিষেধক মজুতকৰণৰ যাৱতীয় ব্যৱস্থা, প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত আন কি কি প্ৰত্যাহ্বান আহিব পাৰে সেয়া এই কমিটীয়ে পৰ্যবেক্ষণ কৰিব৷
আৰু কি আছে কেন্দ্ৰীয় চৰকাৰৰ পত্ৰত?
কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে প্ৰেৰণ কৰা পত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত তিনিটা পৰ্যায়ৰ কমিটী গঠনৰ পৰামৰ্শ দিয়া হৈছে৷ মুখ্য সচিবৰ নেতৃত্বত থাকিব ষ্টেট ষ্টিয়াৰিং কমিটী, অতিৰিক্ত মুখ্য সচিব অথবা প্ৰধান সচিবৰ নেতৃত্বত থাকিব ষ্টেট টাস্ক ফ’ৰ্চ আৰু উপায়ুক্তৰ নেতৃত্বত গঠন কৰিব লাগিব জিলা টাস্ক ফ’ৰ্চ৷ প্ৰত্যেকখন কমিটীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত নিজৰ নিজৰ দায়িত্ব সমাপন কৰিব লাগিব৷ ষ্টেট ষ্টিয়াৰিং কমিটীয়ে প্ৰস্তুত কৰা নিৰ্দেশাৱলী অনুসৰি সমগ্ৰ প্ৰক্ৰিয়াটো পৰিচালিত হ’ব৷