Local, Vocal, Global

মহিলা পুৰুষৰ সমকক্ষ নহয়, ‘ভীষ্ম’ মুকেশ খান্নাৰ মন্তব্য

‘শক্তিমান’ আৰু ‘মহাভাৰত’ ধাৰাবাহিকৰ জৰিয়তে খ্যাতি লাভ কৰা অভিনেতা মুকেশ খান্নাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে৷ য’ত অভিনেতাজনে মহিলাসকলৰ প্ৰতি অৱমাননা সূচক মন্তব্য কৰিছে৷ মুকেশ খান্নাই ভিডিঅ’টোত কৈছে, “#MeToo আন্দোলনৰ সমস্যা তেতিয়াই আৰম্ভ হ’ল যেতিয়া মহিলাসকলে কাম কৰিবলৈ আৰম্ভ কৰিলে৷” সংবাদ মাধ্যমক দিয়া এক পুৰণি সাক্ষাৎকাৰত মুকেশ খান্নাই কৈছিল, ‘মহিলাসকলৰ কাম হ’ল ঘৰ চম্ভালা৷ সমস্যা তেতিয়াই আৰম্ভ হ’ল, যেতিয়া মহিলাসকলেও কাম কৰিবলৈ আৰম্ভ কৰিলে৷ আজি নাৰীয়ে পুৰুষৰ সৈতে কান্ধত কান্ধ মিলাই আগবঢ়াৰ কথা কয়৷’ তাতেই ক্ষান্ত নাথাকি তেওঁ আৰু কয়, ‘‘মানুহে নাৰীৰ স্বাধীনতাৰ কথা কয়৷ কিন্তু মই ক’ব খুজিছো সমস্যাৰ আৰম্ভণি ক’ত? প্ৰথমে যি ভুক্তভোগী হয়, তেওঁ হ’ল ঘৰখনৰ শিশু যি মাকক নাপায়৷ ঘৰত আয়াৰ সৈতে বহি দিনৰ দিনটো টিভি চায়৷ যেতিয়াৰ পৰা মহিলাই কাম কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াৰ পৰাই পুৰুষে যি কৰে নাৰীয়েও তাকে কৰিবলৈ ল’লে৷ এয়া ঠিক নহয়৷ পুৰুষ পুৰুষেই আৰু মহিলা মহিলাই৷’’ মুকেশ খান্নাৰ এই মন্তব্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আজিও নাৰীক পুৰুষৰ সমান বুলি জ্ঞান কৰিব নোখোজা অভিনেতাজনক সমালোচনাৰে থকাসৰকা কৰিছে অনেকেই৷

মুকেশ খান্নাই কি কৈছিল চাওক সেই ভিডিঅ’-

https://twitter.com/i/status/1321974625950076928