Local, Vocal, Global

বিয়াৰ বাবে ধৰ্ম পৰিবৰ্তন গ্ৰহণযোগ্য নহয়

কেৱল মাত্ৰ বিয়াৰ বাবেই ধৰ্ম পৰিবৰ্তন গ্ৰহণযোগ্য নহয়। এটা গোচৰৰ শুনানি কালত এই গুৰুত্বপূৰ্ণ মন্তব্য এলাহাবাদ হাইকোৰ্টৰ। বিয়াৰ তিনি মাহৰ পিছত আৰক্ষীৰ নিৰাপত্তা বিছাৰি আদালতৰ দ্বাৰস্থ হোৱা এক দম্পত্তিৰ আৱেদন খাৰিজ কৰি ন্যায়ালয়ৰ এই ৰায়।

এগৰাকী মুছলমান মহিলাই বিয়াৰ বাবে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। এই বছৰৰ জুলাই মাহত বিবাহ পাশত আবদ্ধ হোৱা দম্পত্তিৰ অভিযোগ বিয়াৰ পিছতো তেওঁলোকৰ জীৱনত হস্থক্ষেপ কৰি আহিছে কন্যাৰ পিতৃয়ে। এই সন্দৰ্ভত ন্যায়াধীশ মহেশ চন্দ্ৰ ত্ৰিপাঠীৰ মন্তব্য,”মহিলা গৰাকীয়ে ২০২০ চনৰ ২৯ জুনত ধৰ্ম সলনি কৰে আৰু ৩১ জুলাইত বিবাহত বহে। ইয়াৰ পৰা স্পষ্টকৈ বুজা যায় যে বিয়াৰ উদ্দেশ্যেই এই ধৰ্ম পৰিবৰ্তন”। এই মন্তব্যৰে ন্যায়াধীশে জনায় যে আদালতে এই বিষয়ত হস্তক্ষেপ নকৰে।  পূৰ্বেও এলাহাবাদ উচ্চ ন্যায়ালয়ে অনুৰুপ এটা গোচৰত একেই ৰায় দিছিল।