Local, Vocal, Global

কৰ’নাৰ প্ৰতিষেধক লাভৰ আশাত ব্ৰিটেইনমুখী ভাৰতীয়

ফাইজাৰ বায়নটেক’ৰ কৰ’নাৰ প্ৰতিষেধকক অনুমোদন দিলে ব্ৰিটেইনে। অহা সপ্তাহৰ পৰাই ব্ৰিটেইনত পৰ্যায়ক্ৰমে কৰ’নাৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে ব্ৰিটিছ চৰকাৰে। এই বাতৰি পায়েই ব্ৰিটেইন ভ্ৰমণৰ বাবে ট্ৰেভেল এজেঞ্চীসমূহৰ কাষ চাপিছে বহু ভাৰতীয় লোক। এটা ট্ৰেভেল এজেঞ্চীয়ে ইতিমধ্যেই ভাৰতীয়সকলৰ বাবে ৩ ৰাতিৰ এটা পেকেজ ঘোষণা কৰিছে। ভ্ৰমণ সংস্থাসমূহৰ ওচৰ চপা লোকসকলে জানিব বিচাৰিছে যে ব্ৰিটেইনলৈ গ’লে কৰ’নাৰ প্ৰতিষেধক লাভ কৰিব নে নাই আৰু কেতিয়া যোৱাটো হ’ব লাভদায়ক? কিন্তু ব্ৰিটেইনলৈ গ’লেই কোনো লোকে কৰ’নাৰ প্ৰতিষেধক গ্ৰহণৰ সুবিধা পাব বুলি এতিয়াই কোনো নিশ্চয়তা নাই। কাৰণ ব্ৰিটিছ চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে অগ্ৰাধিকাৰ ভিত্তিত কৰ’নাৰ পৰা অধিক বিপদৰ আশংকা থকা লোকসকলকহে প্ৰথমে প্ৰতিষেধক প্ৰদান কৰা হ’ব। অথচ তালৈ ভ্ৰূক্ষেপ নকৰি ইংলেণ্ড অভিমুখে যাব খুজিছে একাংশ ধনাঢ্য লোক। আশ্চৰ্যজনক এই খবৰে কৰ’নাৰ প্ৰতি মানুহৰ ভয় আৰু যিকোনো প্ৰকাৰে প্ৰতিষেধক লৈ কৰ’নাৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি মানুহৰ উত্ৰাৱল অৱস্থাকে প্ৰতিপন্ন কৰিছে।