Local, Vocal, Global

খোলা জীপৰ বনেটত বহি হিমন্ত বিশ্বৰ ৰেলী

বিটিআৰ পৰিষদ দখলৰ বাবে অহোপুৰুষাৰ্থ কৰিছে বিজেপিয়ে। মিত্ৰদল বিপিএফক শত্ৰুৰ শাৰীলৈ ঠেলি বিটিআৰ দখলৰ বাবে বিজেপিয়ে চলোৱা অভিযানত সেনাপতিৰ ভূমিকাত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কালিলৈকে বিজেপিৰ আপোন হাগ্ৰামা এতিয়া বিজেপিৰ নাম্বাৰ 1 শত্ৰু। বিগত সময়ত হাগ্ৰামাই বিটিএডিৰ উন্নয়নৰ ধন হজম কৰা বুলি অভিযোগ তুলি ইখনৰ পিছত সিখন সভাত বাক্যবাণ এৰিছে হিমন্ত বিশ্ব শৰ্মাই। সভাৰ সমান্তৰালকৈ বড়োভূমিত হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব লৈছে সমদলৰ। প্ৰায়বোৰ সমদলতে দেখা গৈছে পুষ্পসজ্জিত এখন জীপৰ বনেটত উঠি দক্ষিণ ভাৰতীয় ছবিৰ দৰে হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰেলী। বৃহস্পতিবাৰে ওদালগুৰিৰ মাজবাটৰ পৰা ৰৌতালৈ বিজেপিৰ সমৰ্থকৰ সৈতে অনুৰূপ ৰেলীত অংশ ল’লে ড০ শৰ্মাই। হাজাৰৰ ঘৰত সমৰ্থকৰ সৈতে গাড়ীৰ ওপৰত উঠি সমৰ্থকক উদ্দেশ্যি হাত জোকাৰি আগবাঢ়িল হিমন্ত বিশ্ব শৰ্মা। কেতিয়াবা যদি বনেটৰ ওপৰত আন কেতিয়াবা জীপৰ বডীৰ ওপৰত থিয় হৈ সমৰ্থকক সম্ভাষণ মন্ত্ৰী ড০ শৰ্মাৰ। বিটিআৰৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইদিনমান থকা অৱস্থাত অধিক আগ্ৰাসী প্ৰচাৰত ব্যস্ত হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা।