Local, Vocal, Global

লাভ জেহাদ বিৰোধী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আৱেদন

উত্তৰ প্ৰদেশ চৰকাৰে মঙলবাৰে লাভ জেহাদবিৰোধী এখন বিধেয়ক গ্ৰহণ কৰাৰ বিষয়টো পালেগৈ উচ্চতম ন্যায়ালয়। এই বিধেয়কৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত লেখ আৱেদন দাখিল কৰিছে দুগৰাকী অধিবক্তা আৰু এজন আইনৰ গৱেষকে। উত্তৰ প্ৰদেশ চৰকাৰৰ বিধেয়কখন আৰু ২০১৮ চনৰ উত্তৰাখণ্ড চৰকাৰৰ ধৰ্মান্তকৰণ সম্পৰ্কীয় এক বিধেয়কৰো বিৰোধিতা কৰিছে আৱেদনকাৰীসকলে। আৱেদনকাৰীসকলৰ মতে এই আইনে ব্যক্তিৰ ভাৱ প্ৰকাশ আৰু ধৰ্মীয় স্বাধীনতাত আঘাত হানিছে। উত্তৰ প্ৰদেশ চৰকাৰৰ নতুন আইনৰ অধীনত দোষী সাব্যস্ত হোৱা ব্যক্তিয়ে একৰ পৰা পাঁচবছৰ পৰ্যন্ত কাৰাদণ্ড ভোগ কৰিব লাগিব আৰু ১৫ হাজাৰ টকাৰ জৰিমণা আদায় দিব লাগিব। যদিহে ভুক্তভোগী মহিলাগৰাকী নাবালিকা বা অনুসূচীত জাতি-জনজাতিৰ হয় তেন্তে অভিযুক্তৰ ৩ বছৰৰ পৰা ১০ বছৰৰ কাৰাদণ্ড হ’ব আৰু ২৫ হাজাৰ টকাপৰ্যন্ত জৰিমণা ভৰিব লাগিব। শেহতীয়াকৈ লাভ জেহাদ বা বিবাহৰ বাবে ধৰ্মান্তকৰণৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি শাসিত বহু ৰাজ্যৰ চৰকাৰ। আনকি অসম চৰকাৰেও এই সন্দৰ্ভত চিন্তা-চৰ্চা কৰা বুলি সদৰি কৰিছিল মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰৰ শেহতীয়া বিধেয়কখন সন্দৰ্ভত কি ৰায় প্ৰদান কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব বিষয়টো সন্দৰ্ভত আইন প্ৰণয়নৰ বাবে আন ৰাজ্যই হাতত লোৱা পদক্ষেপৰ ভৱিষ্যত।