Website Design: dastechnologies.in
২৪ ঘন্টাত ১৫ হাজাৰ অতিক্ৰম কৰিলে আক্ৰান্তৰ সংখ্যাই।
এদিনত সৰ্বাধিক ১৫,৪১৩ গৰাকী আক্ৰান্তসহ ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা ৪,২৬,৬৭১ লৈ বৃদ্ধি।
১৫ হাজাৰ হোৱাৰ পথত দেশত কৰ’নাত মৃতকৰ সংখ্যা। দেওবাৰৰ দিনটোতে দেশত মহামাৰীয়ে প্ৰাণ ল’লে ৪১৮ গৰাকীৰ । ভাৰতত কৰ’নাত এই পৰ্যন্ত ১৩,৬৯৫ গৰাকীৰ মৃত্যু,সক্ৰিয় ৰোগীৰ সংখ্যা ১,৭৫,৯২৬ গৰাকী। দেশত আক্ৰান্তৰ সংখ্যাৰে শীৰ্ষত থকা মহাৰাষ্ট্ৰত ২৪ ঘন্টাত নতুনকৈ আক্ৰান্ত হৈছে ৩,৮৭৪ গৰাকী লোক। ৰাজ্যখনত এই পৰ্যন্ত ১,২৮,২০৫ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৫,৯৮৪ গৰাকীৰ মৃত্যু হৈছে।
দ্বিতীয় স্থানত থকা তামিলনাডুত ৫৯,৩৭৭ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ৭৫৭ গৰাকীৰ।
তৃতীয় স্থানত থকা দেশৰ ৰাজধানী দিল্লীত আক্ৰান্তৰ সংখ্যা ৫৬,৭৪৬ গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ২,১১২ গৰাকীৰ মৃত্যু ঘটিছে।ৰাজধানী দিল্লীত কৰ’নাৰ দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সকলো স্বাস্থ্যকৰ্মীৰ ছুটী বাতিল কৰা হৈছে। কৰ’নাত আক্ৰান্ত কেজৰিৱাল চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক প্লাজমা থেৰাপিৰ জৰিয়তে চিকিৎসা কৰা হৈছে।
বিশ্বত আক্ৰান্তৰ তালিকাত ৰাছিয়াক চেৰাই তৃতীয় স্থানলৈ যোৱাৰ পথত খোজ দিছে ভাৰতে। আমেৰিকা আৰু ব্ৰাজিলৰ পাছতে এই পৰ্যন্ত বিশ্বৰ আক্ৰান্তৰ তালিকাত তৃতীয় স্থানত আছে ৰাছিয়া। বিশ্বত এই পৰ্যন্ত ৮৯,৯৫,২৩৬ গৰাকী আক্ৰান্তৰ বিপৰীতে মৃত্যু ঘটিছে ৪,৬৮,৫১৪ গৰাকীৰ।