Local, Vocal, Global

সমগ্ৰ দেশবাসীৰ টিকাকৰণেই কৰ’নাক প্ৰতিৰোধ কৰিব ভাৰতৰ,আমেৰিকাৰ ভাইৰ’লজিষ্টৰ পৰামৰ্শ

প্ৰতিষেধক প্ৰত্যেককে প্ৰদান কৰিব লাগিব ভাৰতৰ । এই পদক্ষেপেই দেশক ৰক্ষা কৰিব কৰ’না ভাইৰাছৰ আক্ৰমণৰ পৰা । এই অভিমত আমেৰিকাৰ অন্যতম জনস্বাস্থ্য বিশেষজ্ঞ আৰু ভাইৰ’লজিষ্ট এণ্টনি ফ’চিৰ । ৰাষ্ট্ৰপতি জ’ বাইডেনৰ প্ৰধান উপদেষ্টা এণ্টনিৰ অনুসৰি,ভাৰতে টিকাকৰণতে অধিক গুৰুত্ব আৰোপ কৰা উচিত । দেশীয় উৎপাদনৰ উপৰতে নিৰ্ভৰশীল হৈ নাথাকি বিদেশৰ পৰাও প্ৰতিষেধক আমদানি কৰিব লাগে ভাৰতে । আমেৰিকাৰ এক সংস্থাক দিয়া সাক্ষাৎকাৰত ভাৰতৰ কৰ’না ৰোগী বিছনা আৰু অক্সিজেনৰ নাটনিৰ বিষয়েও মন্তব্য কৰে এণ্টনিয়ে । তেওঁ কয়, ‘মানুহক অক্সিজেন দিব নোৱাৰা দুখজনক । ভাৰতৰ বিছনা  সম্পৰ্কে  তেওঁৰ পৰামৰ্শ, ‘ভাৰতে অস্থায়ী চিকিৎসালয় নিৰ্মাণ কৰিব লাগে ।’