Local, Vocal, Global

ছাৰা আলী খানে ছনু ছুদুৰ সাহাৰ্য্য পুঁজিলৈ সহায় আগবঢ়ালে

সমগ্ৰ দেশতে কৰ’নাৰ দ্বিতীয় ঢৌয়ে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ।এনে সময়ত বিভিন্নজনে বিভিন্ন ধৰণে আগবাঢ়ি আহিছে ৰোগীসকলক সহায় কৰিবলৈ। মানুহৰ হকে কাম কৰা ছনু ছুদু ব্যস্ত ৰোগীসকলক সহায় কৰাত । বিনামূলীয়া জৰুৰীকালীন চিকিৎসা সেৱা প্ৰদান কৰি আছে অভিনেতাগৰাকীয়ে ।অভিনেত্ৰী ছাৰা আলী খানেও ছনুৰ সাহাৰ্য্য পুঁজিলৈ সাহাৰ্য্য আগবঢ়াইছে । ছনু ছুদে টুইটাৰত এটা প’ষ্টৰ জৰিয়তে ছাৰাৰ প্ৰশংসা কৰে। তেওঁ কয় যে তেওঁ ছাৰাক লৈ গৌৰৱান্বিত। ছাৰাৰ কামে যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব আৰু তেওঁলোকে কঠিন সময়ত দেশক সহায় কৰিবলৈও আগ্ৰহী হ’ব।