Local, Vocal, Global

ছালমান খানৰ ‘ৰাধে’ৰ লাভাংশ ক’ৰনা আক্ৰান্তলৈ যাৱ

কৰ’না ভাইৰাছৰ বাবে সমগ্র দেশত  হাহাকাৰৰ অৱস্থা। পৰিস্থিতিৰ মােকাবিলা কৰিবলৈ চৰকাৰৰ লগতে আগবাঢ়ি আহিছে অন্যান্য ক্ষেত্ৰৰ তাৰকাসকলাে । এনে অৱস্থাত পিছ পৰি ৰােৱা নাই বলিউদৰ ভাইজান । নিজৰ ৰেস্তোৰাঁৰ পৰা ছলমানে ক’ভিড যােদ্ধাৰ বাবে বিনামূলীয়া খাদ্য যােগান ধৰিছিল।তেওঁৰ নতুন ছবিৰ লভ্যাংশ দান কৰিব কৰ’না আক্ৰান্তলৈ । অহা ১৩ মে’ত মুক্তি লাভ কৰিব ছলমান অভিনীত ‘ৰাধে । ছবিৰ প্রযােজক তথা ছলমান খান ফিল্মছৰ তৰফৰ পৰা জনাইছে যে ছবিখনৰ পৰা হােৱা উপার্জনৰ এটা অংশ কৰ’নাৰ  কামত ব্যৱহাৰ কৰা হ’ব।