Website Design: dastechnologies.in
ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ‘অংগীকাৰ দিৱস’ পালন। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ জন্মদিনৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰে কংগ্ৰেছে। সমান্তৰালকৈ ৰাজহুৱা স্থানত মাস্ক, চাবোন, ছেনিটাইজাৰ আদি বিতৰণ কৰে কংগ্ৰেছ কৰ্মীসকলে। শুকুৰবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এই ‘অংগীকাৰ দিৱস’ত প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মাকে ধৰি কংগ্ৰেছৰ বহু নেতা-কৰ্মী উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে চীন সীমান্তৰ গালৱানত শ্বহীদ হোৱা ভাৰতীয় সেনা জোৱানৰ আত্মাৰ সদগতিৰ কামনাৰ্থে এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়।